spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeমনোৰঞ্জনপলিঅ'ৰ ব্ৰেণ্ড এম্বেচেডৰৰ মুখত পান মচলাৰ বিজ্ঞাপন! নাক কোঁচাইছে অনুৰাগীয়ে

পলিঅ’ৰ ব্ৰেণ্ড এম্বেচেডৰৰ মুখত পান মচলাৰ বিজ্ঞাপন! নাক কোঁচাইছে অনুৰাগীয়ে

নতুন দিল্লীঃ বলীউড শ্বেহেনশ্বাহ অমিতাভ বচ্চনে পান মচলা ব্ৰেণ্ডলৈ আইনী জাননী প্ৰেৰণ কৰিছে। চুক্তি বাতিল হোৱাৰ পাছতো পান মচলাৰ বিজ্ঞাপন প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে অমিতাভ বচ্চনে। পান মছলা ব্ৰেণ্ডৰ মই-মতালিৰ বাবে সামাজিক মাধ্যমতো তিক্ত সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে বলীউড শ্বেহেনশ্বাহে। পান মচলা ব্ৰেণ্ডলৈ আইনী জাননী প্ৰেৰণৰ বাতৰি নিশ্চিত কৰি অমিতাভ বচ্চনৰ এজন ঘনিষ্ঠ সহযোগীয়ে কয়, ‘মিঃ বচ্চনৰ কাৰ্যালয়ৰ পৰা জানিবলৈ পাইছো যে, মিঃ বচ্চন অভিনীত পান মচলাৰ বিজ্ঞাপনটো অতি শীঘ্ৰে টেলিভিছনৰ পৰ্দাত সম্প্ৰচাৰ বন্ধ কৰিবলৈ কমলা পচন্দলৈ এখন আইনী জাননী প্ৰেৰণ কৰা হৈছে।’

উল্লেখ্য যে, অমিতাভ বচ্চনে অলপতে তেওঁৰ ৭৯ সংখ্যক জন্মদিনত পান মচলা প্ৰচাৰৰ বিজ্ঞাপনৰ সৈতে তেওঁৰ চুক্তি বাতিল কৰাৰ কথা ঘোষণা কৰিছিল। এক বিবৃতিযোগে তেওঁ কয়, ‘যেতিয়া পান মচলা ব্ৰেণ্ডৰ সৈতে জড়িত হৈছিলো তেতিয়া জনা নাছিলো যে এইটো চাৰোগেট বিজ্ঞাপনৰ অধীনত পৰে।চাৰোগেট বিজ্ঞাপনৰ অৰ্থ হৈছে চিগাৰেট, ধপাত, সুৰাৰ দৰে নিষিদ্ধ সামগ্ৰীৰ বিজ্ঞাপন।’ অমিতাভ বচ্চনৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত এইটোও কোৱা হৈছে যে, অমিতাভ বচ্চনে বিগত সপ্তাহত কমলা পছন্দৰ সৈতে বিজ্ঞাপন সম্প্ৰচাৰ কৰাৰ সকলো বাণিজ্যিক চুক্তি বাতিল কৰিছিল আৰু বিজ্ঞাপনৰ বাবে লোৱা আগতীয়া ধন উভতাই দিছিল। তথাপি, বিজ্ঞাপনটো টিভিত সম্প্ৰচাৰ কৰা হৈছে। সেইবাবে এনবাৰ অমিতাভে পান মচলা ব্ৰেণ্ডৰ বিৰুদ্ধে প্ৰেৰণ কৰিছে আইনী জাননী। উল্লেখ্য যে, ধপাতজাতীয় সামগ্ৰী নিৰ্মূলৰ বাবে চৰকাৰেও অমিতাভ বচ্চনলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। পত্ৰখনত কোৱা হৈছিল যে বিগ-বি হৈছে পলিঅ’ৰ অফিচিয়েল ব্ৰেণ্ড এম্বেচেডৰ। গতিকে তেওঁৰ মুখত পান মচলাৰ বিজ্ঞাপনে শোভা নাপায়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular