spot_img
18 C
Guwahati
18 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeআন্তঃৰাষ্ট্ৰীয়চেলিব্ৰিটি সংসাৰবোৰ কিয় স্থায়ী নহয়! প্ৰিয়ংকাক এৰিব খুজিছে নেকি নিকে...

চেলিব্ৰিটি সংসাৰবোৰ কিয় স্থায়ী নহয়! প্ৰিয়ংকাক এৰিব খুজিছে নেকি নিকে…

ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী ডেচী গাৰ্লৰ এক খবৰে বৰ্তমান সংবাদ শিৰোনাম দখল কৰিছ৷ নিজৰ মতে থাকি ভাল পোৱা অভিনেত্ৰীগৰাকীয়ে সাধাৰণতে সংবাদ মাধ্যমৰ পৰা পৰাপক্ষত এৰাই চলে ৷ প্ৰায় ৩ বছৰ পূৰ্বে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বিবাহ পাশত আবদ্ধ হৈছিল৷ দুয়োৱে খুব সুখী জীৱন-যাপনৰ মাজেৰে দিন অতিবাহিত কৰিছিল৷

অলপতে প্ৰিয়ংকাই এক ইণ্টাৰভিউত তেওঁৰ জীৱনৰ সকলোতকৈ প্ৰিয় উপহাৰটো নিকে আঙুঠি পিন্ধাওতে দিয়া আঙুঠিটো বুলি মন্তব্য কৰিছিল। কিছুদিন পূৰ্বে লছ এঞ্জেলছৰ ঘৰত নিক-প্ৰিয়ংকাই আনন্দেৰে দীপাৱলী উদযাপন কৰা ফটোও ভাইৰেল হৈছিল। শেহতীয়াকৈ দুয়োজনৰে মাজত গৃহ অন্তঃকন্দলৰ খবৰ আহি পৰিছে৷ খবৰ অনুসৰি, প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা তেওঁৰ স্বামীৰ (নিক জোনাছ) উপাধিটো আঁতৰাই দিছিল৷ এতিয়া তেওঁৰ একাউণ্টটোত কেৱল প্ৰিয়ংকা চোপ্ৰা নামটোহে দৃশ্যমান হৈছে।

প্ৰিয়ংকা চোপ্ৰাই ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা নিকৰ নাম ডিলিট কৰিছে

চেলিব্ৰিটী দম্পতীৰ লগত হোৱা এনেধৰণৰ বৈবাহিক সম্পৰ্কক লৈ এতিয়া গৰম হৈ পৰে ছচিয়েল মিডিয়া। দুয়োজন লোকৰ সোনকালে বিবাহ বিচ্ছেদ হ’ব বুলি বহুতে লোকে এতিয়া আশংকা ব্যক্ত কৰিছে৷ ইফালে প্ৰিয়ংকাৰ মাতৃয়ে এনেধৰণৰ বিতৰ্কৰ সন্দৰ্ভত কয় যে, ‘‘সামাজিক মাধ্যমত প্ৰচাৰ হোৱা এই সকলোবোৰ কথা মিছা আৰু এনেধৰণৰ উৰাবাতৰি মানুহে বিশ্বাস কৰিব নালাগে। আচলতে প্ৰিয়ংকাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত কিছু সালসলনি কৰিছে য’ত প্ৰিয়ংকাই নিজৰ ‘জোনাছ‘ উপাধি উঠাই দিছে।’’ প্ৰিয়ংকাৰ মাতৃয়ে এনেদৰে কয়৷ ইয়াৰ পূর্বেও বলীউড অভিনেত্রী মালাইকা অৰোৰা খানে বিবাহ বিচ্ছেদৰ পূৰ্ব তেওঁৰ স্বামী আৰবাজ খানৰ খান উপাধিটো আঁতৰাই দিছিল। ইয়াকে লৈ এতিয়া সকলোৱে পূৰ্বানুমান কৰিছে যে, প্ৰিয়ংকা আৰু নিকৰ মাজতো এনেধৰণৰ ঘটনা ঘটিব পাৰে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular