অভিশপ্ত ৩০ অক্টোবৰ : ৰক্তাক্ত দিনৰ দুঃসহ স্মৃতিৰে ১২টা বছৰ !

গুৱাহাটী : আজি অভিশপ্ত ৩০ অক্টোবৰ৷ ৰাজ্যবাসীয়ে সুঁৱৰিছে ৰক্তাক্ত দিনৰ দুঃসহ স্মৃতি৷ ১২ বছৰ পূৰ্বে আজিৰ দিনটোতে ঘটিছিল মহানগৰীত হোৱা ধাৰাবাহিক বিস্ফোৰণ৷ ক’লা ধোঁৱাৰ আৱৰণৰ মাজত ৰাজপথত পৰি ৰৈছিল মৃতদেহ, তেজৰ চেকুৰা৷ 

আৰু পঢ়িব পাৰিব : ৭৫ হাজাৰ টকাত বিক্ৰী হ’ল অসমৰ এক কিলোগ্ৰাম চাহ

মহানগৰীৰ গণেশগুৰি, কাছাৰী, পাণবজাৰত ঘটিছিল বিস্ফোৰণ৷ ইয়াৰ উপৰি বৰপেটাৰোড, কোকৰাঝাৰ, বঙাইগাঁৱতো ঘটিছিল বিস্ফোৰণ৷ ২০০৮চনৰ আজিৰ দিনটোতে সংঘটিত বিস্ফোৰণত ৮১জন লোক নিহত হোৱাৰ লগতে প্ৰায় ৪৭০জন লোক আহত হৈছিল৷ উগ্ৰপন্থী সংগঠন এনডিএফবিয়ে সংঘটিত কৰিছিল এই ধাৰাবাহিক বিস্ফোৰণ৷

আৰু পঢ়িব পাৰিব : হাজোত আঞ্চলিক গণমৰ্চাৰ সাধাৰণ সভা, ডেৰ-শতাধিকৰ যোগদান

উগ্ৰপন্থীৰ ভয়ংকৰ ৰক্তস্নানে আজি অতিক্ৰম কৰিলে ১২টা বছৰ৷ আজিও দুৰ্বিসহ দিন কটাইছে বিস্ফোৰণত আহত আৰু নিহতৰ পৰিয়ালে৷ গণেশগুৰিৰ লগতে বিভিন্ন স্থানত নিহতলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে৷

Show More

Related Articles

Back to top button