ফিলিপাইনছত দুটাকৈ বোমা বিস্ফোৰণ, নিহত ৯ সেনা জোৱান

মানিলা: আজি দক্ষিণ ফিলিপাইনছৰ এখন চহৰত হোৱা দুটাকৈ ভয়াৱহ বিস্ফোৰণত প্ৰায় ৯জন সেনা জোৱান নিহত হোৱাৰ লগতে কেইবাজনো সাধাৰণ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ জানিব পৰামতে ফিলিপাইনছৰ ছুলু প্ৰদেশৰ জ’ল’ নগৰত বিস্ফোৰণ সংঘটিত হয়।

আৰু পঢ়িব পাৰিব: চাকৰিৰ পৰা ইস্তফা জেএমচিএইচৰ দুগৰাকী জ্যেষ্ঠ চিকিৎসকৰ

স্থানীয় সময় অনুসৰি দুপৰীয়াৰ ভাগত সংঘটিত প্ৰথমটো বিস্ফোৰণত দুখন দোকান আৰু দুখন মিলিটেৰী ট্ৰাক ক্ষতিগ্ৰস্ত হয়৷ এটা পাৰ্কিং এৰিয়াত ৰখাই থোৱা এখন মটৰ চাইকেলত হস্ত নিৰ্মিত বোমা সংলগ্ন কৰি বিস্ফোৰণটো ঘটোৱা হৈছিল৷

আৰু পঢ়িব পাৰিব: দল এৰিম! ৰাহুল গান্ধীৰ বাবেই পুনৰ ভাঙোন কংগ্ৰেছত!

কিছু সময়ৰ পাছতে সেই ঠাইতে দ্বিতীয়টো বিস্ফোৰণ সংঘটিত হয়৷ পাছৰটো বিস্ফোৰণত হোৱা ক্ষয়-ক্ষতি বা হতাহত লোকৰ সবিশেষ এতিয়াও প্ৰকাশ পোৱা নাই৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES