spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeআঞ্চলিকচিকিৎসালয়ৰ পৰা ওভটাৰ পথত দুৰ্ঘটনা : নিহত ৩জন

চিকিৎসালয়ৰ পৰা ওভটাৰ পথত দুৰ্ঘটনা : নিহত ৩জন

ডিজিটেল ডেস্ক : মঙলবাৰে নিশা বকোৰ বন্দাপাৰাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা৷ কন্টেইনাৰ আৰু ৰোগী কড়িওৱা টাটা চুমুৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় এগৰাকী মহিলাসহ তিনিজনকৈ লোক৷ ৰুকচানা আহমেদ নামৰ এগৰাকী মহিলা মৃত্যু হোৱাৰ লগতে গাড়ীৰ চালক এই দুৰ্ঘটনাত মৃত্যুক সাবটি লয়৷

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা চালক চামচুল আলমক ধুপধৰা প্ৰাথমিক চিকিৎসালয়তভৰ্তি কৰা হয় যদিও চিকিৎসালয়ত মৃত ঘোষণা কৰে৷ লগতে আহত হোৱা মাহমুদ আলম নামৰ লোকজনকো মৃত ঘোষণা কৰে৷

গুৱাহাটী এখন নাৰ্ছিংহোমৰ পৰা ৰোগীক লৈ আহোতে সংঘটিত হোৱা এই দুৰ্ঘটনাত নিহত ৰুকচানা আহমেদৰ ঘৰ যোগীঘোপাৰ চলন্তপাৰাত আৰু চামচুল আলম আৰু মাহমুদ আলমৰ ঘৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ লেজাম গাঁৱৰ বুলি জানিব পৰা গৈছে৷ দুৰ্ঘটনাত পতিত হোৱা চুমুখনৰ নম্বৰ হ’ল AS 18 B 5774 কন্টেইনাৰ নম্বৰ NL O1 AE 3394৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular