বঙাইগাঁও প্ৰেছ ক্লাবত হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল

বঙাইগাঁওঃ বঙাইগাঁও প্ৰেছ ক্লাবত হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল এখন অনুষ্ঠিত হয়৷ সংবাদমেলত পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যই কয় যে শংকৰদেৱ আৰু মাধৱদেৱে স্থাপন কৰা অসমৰ সত্ৰসমূহক বিজেপি চৰকাৰে সংৰক্ষণৰ ক্ষেত্ৰত নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি কোনো গুৰুত্ব প্ৰদান নকৰিলে, যাৰ পৰিণতিত আপুৰুগীয়া কৃতিচিহ্নসমূহ ধ্বংস মুখলৈ গতি কৰিছে।

আৰু পঢ়িব পাৰিব: এইবাৰ অন্নদাতা কৃষকক ‘সন্ত্ৰাসবাদী’ আখ্যা কংগনা ৰানাৱটৰ

তেওঁ কয় বঙাইগাঁৱৰ বিষ্ণুপুৰ সত্ৰ আৰু ঘৰশিয়া সত্ৰত থকা মহাপুৰুষ শংকৰদেৱে ব্যৱহাৰ কৰা আঁঠুৱা, খাট, পাদুকা, পদচিহ্ন আদি আপুৰুগীয়া সম্পদসমূহ সংৰক্ষণৰ বাবে চৰকাৰে এতিযাও পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা নাই৷

আৰু পঢ়িব পাৰিব: আৰক্ষীত চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ, মহিলা গ্ৰেপ্তাৰ

আনহাতে চৰকাৰে কেৱল সত্ৰৰ ভূমি বেদখলকাৰী উচ্ছেদক নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে । নিৰ্বাচনৰ পূৰ্বে সত্ৰৰ কিমান ভূমি বেদখলমুক্ত কৰিলে তাৰ তথ্য ৰাজহুৱা কৰিবলৈ দাবী জনায় পৰিষদৰ সভাপতি বলেন বৈশ্যই।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES