দক্ষিণ কামৰূপৰ সাতখন গাঁও শীঘ্ৰে সন্নিবিষ্ট হ’ব মেঘালয়ত

দক্ষিণ কামৰূপ : দক্ষিণ কামৰূপৰ সাতখন গাঁও শীঘ্ৰে সন্নিবিষ্ট হ’ব মেঘালয়ত। দেশে স্বাধীনতা লাভ কৰা ৭৪ বছৰৰ পাছতো সৰ্বদিশতে অৱহেলিত হৈ অৱশেষত মেঘালয়ত চামিল হোৱাৰ সিদ্ধান্ত ল’লে এই ৭খন গাঁৱৰ বাসিন্দাই। উল্লখ্য যে, দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলসমূহৰ প্ৰতি অসম চৰকাৰ সদায়ে নিৰ্বিকাৰ।পৰিণতিত মেঘালয়ে চলে বলে কৌশলে আগ্ৰাসন অব্যাহত ৰাখিছে।

আৰু পঢ়িব পাৰিব: মৰিগাঁৱত টকাসহ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

কিন্তু এইবাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ গৰুবন্ধা, বেচীমাৰি, দেৱানবিল, বৰগৰং, বাঙ্গেলিবিলা, কটৰাবাৰী, শান্তিবিল আদি অঞ্চলৰ লোকসকলে নিজে সিদ্ধান্ত লৈছে মেঘালয়ৰ সৈতে চামিল হোৱাৰ। স্মতব্য যে যাতায়াত, শিক্ষা, খোৱাপানী, বিজুলী আদি বিভিন্ন সমস্যাৰে জড়িত হৈ আহিছে এই অঞ্চলৰ লোকসকল৷ কিন্তু এইলোকসকলৰ প্ৰতি গুৰুত্ব নাই চৰকাৰৰ৷ দেশে স্বাধীনতা লাভ কৰাৰ ৭৪ বছৰ হ’লেও কোনো এখন চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই এওঁলোকক।

আৰু পঢ়িব পাৰিব: টকা নিদিয়াৰ বাবে উজানবজাৰত হত্যাৰ বলি হ’ল এজন যুৱক

পৰিণতিত শনিবাৰে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰি মেঘালয়ত শীঘ্ৰে চামিল হম বুলি হুংকাৰ দিয়ে। সময় থাকোতেই ভোট বেংক হিচাপে নাভাবি চৰকাৰ কিম্বা জনপ্ৰতিনিধিয়ে অঞ্চলবাসীৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিলে এটা বৃহত্তৰ অঞ্চল গুচি যাব মেঘালয়ৰ হাতলৈ ।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES