spot_img
13 C
Guwahati
13 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeআঞ্চলিকবৰপেটাত জন্ম অদ্ভুত আকৃতিৰ যমজ সন্তান, অবিচ্ছিন্ন শৰীৰ

বৰপেটাত জন্ম অদ্ভুত আকৃতিৰ যমজ সন্তান, অবিচ্ছিন্ন শৰীৰ

ডিজিটেল ডেস্ক: লাডেন আৰু লাৰা কাহিনী আপোলোকে নিশ্চয় শুনিছে । অথবা কিতাপে-পত্ৰই পঢ়িবলৈ পাইছিল। তেনে এক আচৰিত যমজৰ জন্ম হৈছে এইখন অসমতে। এতিয়া এই দুটি নৱজাতকক লৈ সৰ্বত্ৰে চৰ্চা অব্যাহত আছে৷ এই নৱজাতক দুটি হৈছে বৰপেটা জিলাৰ পাকা বেতবাৰী গাঁৱৰ৷ জানিব পৰা মতে , এগৰাকী মহিলাই প্ৰসৱ কৰিছিল দুটি যমজ সন্তান৷ কিন্তু নেদেখ জনৰ কি অদ্ভুত লীলা! পৃথকে পৃথকে জন্ম পোৱাৰ পৰিৱৰ্তে এটা সন্তানৰ লগত সংলগ্ন হৈ আছে আনটো সন্তানৰ দেহৰ অংশ৷ তেতিয়াৰ পৰাই গাঁওখনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷

জানিব পৰা মতে, অবিচ্ছিন্ন হৈ আছে সন্তানদ্বয়ৰ মূৰ দুটা৷ এটা সন্তানৰ মূৰ আনটো সন্তানৰ মূৰৰ সৈতে সংলগ্ন হৈ আছে৷ গাঁওখনৰ ৰূপচান্দ আলীৰ পত্নী জেচমিনা পাৰবিনে জন্ম দিছে এই সন্তান দুটি৷ অদ্ভুত আকৃতিৰ ৰূপ লোৱা সন্তান দুটিক চাবলৈ এতিয়া হেতাওপৰা লগাইছে গাঁওখনৰ ৰাইজে৷

অস্বাভাৱিক প্ৰসৱ যেন লাগিলেও সম্প্ৰতি দুয়োটা সন্তানেই সুস্থ আছে বুলি জানিব পৰা গৈছে৷ মাতৃৰ তত্ত্বাৱধানত দুয়োটা সন্তানক ঘৰুৱাভাৱে পৰিচৰ্যা কৰি থকা হৈছে বুলি জানিবলৈ পোৱা গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular