ব্ৰহ্মপুত্ৰ গৰ্ভত নিৰ্মাণ হ’ব দেশৰ প্ৰথমটো পানীৰ তলৰ সুৰংগ

গুৱাহাটী : কেন্দ্ৰীয় চৰকাৰে মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ তলত ১৪.৮৫ কিলোমিটাৰ দীঘল সুৰংগ নিৰ্মাণৰ বাবে মঞ্জুৰ প্ৰদান কৰিছে। অহা ডিচেম্বৰ মাহৰপৰা আৰম্ভ হ’ব লগা এই সুৰংগ দেশৰ প্ৰথমটো পানীৰ তলৰ সুৰংগ হিচাপে জনাজাত হ’ব।

আৰু পঢ়িব পাৰিব  দলীয় অনুশাসন ভংগ কৰাৰ অপৰাধত দলৰ পৰা বহিষ্কাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা

জানিব পৰা মতে কেন্দ্ৰীয় চৰকাৰে অসমৰ গহপুৰ (এনএইচ–৫২) ৰ পৰা নুমলীগড় (এনএইচ–৩৭)ক সংযুক্ত কৰিবলৈ ব্ৰহ্মপুত্ৰৰ তলেৰে চাৰি লেনযুক্ত সুৰংগ নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰিছে। পথ পৰিবহণ তথা ৰাজমাৰ্গ মন্ত্ৰালয়ৰ সাৰ্বজনিক উপক্ৰম এন এচ এই আই ডি চি এলে আমেৰিকাৰ কোম্পানীয়ে দাখিল কৰা নদীৰ তলত নিৰ্মাণ কৰিবলগীয়া ডিটেল প্ৰজেক্ট ৰিপ’ৰ্টত অনুমতি দিছে।

আৰু পঢ়িব পাৰিব অপসাৰিত শচীন পাইলট : কি হ’ব ৰাজস্থানৰ কংগ্ৰেছৰ ভৱিষ্যৎ?

আমেৰিকাৰ কোম্পানী লুইছ বৰ্জৰে ব্ৰহ্মপুত্ৰৰ তলত ১৪.৮৫ কিলোমিটাৰ দীঘল সুৰংগ নিৰ্মাণৰ প্ৰি ফিজিবিলটী ৰিপোৰ্ট আৰু ডি পি আৰ তৈয়াৰ কৰিছে। এই সুৰংগটো চীনৰ পূৱত থকা তাইহু জলাশয়ৰ তলত নিৰ্মাণ হোৱা সুৰংগতকৈও অধিক দীঘল হ’ব বুলি জানিবলৈ দিয়ে। এই সুৰংগৰ জৰিয়তে সৈন্যৰ অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত বাহন প্ৰতি ঘন্টাত ৮০ কিলোমিটাৰ গতি কৰিব পাৰিব ।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES