spot_img
32 C
Guwahati
Friday, September 17, 2021
spot_img
Homeক্ৰীড়াকেনে আছে পেলে?

কেনে আছে পেলে?

নতুন দিল্লীঃ বিশ্ব ফুটবল ইতিহাসৰ চিৰস্মৰণীয় এটা নাম পেলে। বিংশ শতিকাৰ সৰ্বাধিক প্ৰভাৱশালী আৰু সফল খেলুৱৈ আছিল তেওঁ। ১৯৯৯ চনত আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে তেওঁক ‘এথলীট অৱ দ্য চেঞ্চুৰী’ হিচাপে মনোনীত কৰে আৰু বিংশ শতিকাৰ ১০০ জন অতি গুৰুত্বপূৰ্ণ ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয় পেলেৰ নাম। ব্ৰাজিলিয়ান ফুটবলক নতুন গতি দিয়া তাৰকা গৰাকী বৰ্তমান কেনে আছে? বৃক্কৰ জটিলতাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল তাৰকাগৰাকীক।

শেহতীয়াকৈ তিনিবাৰৰ বিশ্বকাপ বিজয়ী ব্ৰাজিলৰ কিংবদন্তি ফুটবলাৰ পেলেৰ অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হোৱা বুলি জানিবলৈ পোৱা গৈছে। সোঁ বৃক্কত টিউমাৰৰ উপস্থিতি ধৰা পৰিছিল ৮০ বছৰীয়া কিংবদন্তী ফুটবলাৰজনৰ। বিগত ৬ দিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল পেলে।

বৰ্ষীয়ান খেলুৱৈগৰাকী বৰ্তমান সুস্থ হৈ উঠিছে বুলি চিকিৎসকে সদৰী কৰিছে। অস্ত্ৰোপচাৰৰ কথা সামাজিক মাধ্যমৰ জৰিয়তে পেলেই নিজে প্ৰকাশ কৰিছিল। ৬ দিন আগেয়ে চেণ্টোছ আৰু নিউয়ৰ্ক কছমছৰ প্ৰাক্তন ফৰৱাৰ্ড গৰাকীক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তেওঁৰ অস্ত্ৰোপচাৰ সুকলমে হৈ যোৱা বাবে ডাঃ ফাবিঅ আৰু ডঃ পেলেই মিগুৱেলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে ফুটবল ইতিহাসৰ তাৰকা ফৰৱাৰ্ড গৰাকীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
32 ° C
32 °
31.4 °
66 %
0kmh
75 %
Fri
30 °
Sat
30 °
Sun
30 °
Mon
31 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular