spot_img
31 C
Guwahati
Wednesday, September 22, 2021
spot_img
Homeবিশ্বকৰ’নাৰ চিকিত্‍সাত এইবাৰ ভাইপাৰ ভেনমৰ বিষ! কি কয় গৱেষকে?

কৰ’নাৰ চিকিত্‍সাত এইবাৰ ভাইপাৰ ভেনমৰ বিষ! কি কয় গৱেষকে?

ব্ৰাজিলঃ কৰ’না নামৰ এই মাৰণ ভাইৰাছবিধে বিগত ডেৰটা বছৰে নাজল-নাথল অৱস্থাৰ সৃষ্টি কৰা প্ৰলয়ংকাৰী ছবিখন সকলোৱে দেখিছে। কৰ’নাৰ দ্বিতীয় ঢৌৰ শংকা মাৰ নাযাওতেও উদ্বিগ্ন কৰি তুলিছে তৃতীয় ঢৌৰ আগজাননীয়ে। দেশৰ বিভিন্ন প্ৰান্তত এই মাৰন ভাইৰাছবিধক ৰুধিবলৈ বিজ্ঞানী-গৱেষকসকলে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কেইবাপ্ৰকাৰৰ ক’ভিড প্ৰতিষেধক বজাৰত ইতিমধ্যে সুলভ হৈছে যদিও কৰ’নাৰ আতংক মাৰ যোৱা নাই বা ভাইৰাছবিধক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা নাই।

এনে সময়তে আহিছে এক চাঞ্চল্যকৰ খবৰ। কৰ’নাক প্ৰতিৰোধ কৰিবলৈ বিষাক্ত সৰ্পৰ বিষৰ পৰা দৰব প্ৰস্তুত কৰাত নামিছে এদল গৱেষকে। আনকি বিষাক্ত সাপৰ বিষেৰে জটিল ৰোগৰ চিকিৎসা সম্ভৱ বুলিও প্ৰমাণ কৰিছে ব্ৰাজিলে। ব্ৰাজিলৰ চাও পাওলো বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে কৰ’না চিকিৎসাত সাপৰ বিষৰ প্ৰয়োগৰ বিষয়ে অধ্যয়ন কৰি আছে বুলি প্ৰকাশ পাইছে। সাপৰ বিষৰ এটা বিশেষ পদাৰ্থই জোনোচিছত কৰ’না সংক্ৰমণ প্ৰতিহত কৰা বুলি তেওঁলোকৰ পৰীক্ষাই সদৰী কৰিছে। গৱেষকসকলে ব্ৰাজিলৰ নিৰ্দিষ্ট প্ৰজাতিৰ বিষাক্ত সাপৰ বিষৰ জৰিয়তে পৰীক্ষাটো চলোৱা বুলি জানিব পৰা গৈছে।

প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, প্ৰাথমিক পৰীক্ষাত এই বিষাক্ত উপাদানখিনি পৰীক্ষামূলকভাৱে বান্দৰৰ কোষত প্ৰয়োগ কৰিছিল গৱেষকৰ দলটোৱে। পৰৱৰ্তী সময়ত এই প্ৰয়োগে প্ৰাণীকোষত কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ প্ৰৱণতা যথেষ্ট হ্ৰাস কৰে বুলি মতপোষণ গৱেষকৰ। উল্লেখ্য যে, কৰ’না ভাইৰাছে সাধাৰণতে প্ৰাণীৰ কোষত প্ৰৱেশ কৰাৰ পাছত ইয়াৰ সংখ্যা বৃদ্ধি কৰি সংক্ৰমণ বিয়পায়। কিন্তু এই বিষাক্ত সাপৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা উপাদানবিধৰ প্ৰয়োগে কৰ’না সংক্ৰমণ প্ৰতিৰোধ কৰাৰ লগতে ভাইৰাছৰ সংখ্যাবৃদ্ধিৰ বিকাশৰ হাৰ ৭৫ শতাংশ লৈকে হ্ৰাস কৰা বুলি জনাইছে গৱেষকে। জানিবলৈ পোৱা মতে, ব্ৰাজিলিয়ান সৰ্পবিধৰ নাম ভাইপাৰ ভেনম। প্ৰকৃতিগতভাৱে বিষাক্ত এই প্ৰজাতিৰ সাপবিধ। সাপবিধৰ বিষৰ ক্ষুদ্ৰ অণুই কৰ’না ভাইৰাছক প্ৰতিৰোধৰ বাবে এক গুৰুত্বপূৰ্ণ স্পাইকে প্ৰ’টিন অকেজো গঢ়ি তুলিবলৈ সক্ষম বুলি চাও পাওলোৰ গৱেষকসকলে দাবী কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
31 ° C
31 °
31 °
66 %
0kmh
75 %
Wed
30 °
Thu
32 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular