spot_img
18.6 C
Guwahati
18.6 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeৰাষ্ট্ৰীয়বিয়াৰ দিনা মেগী খোৱাত ব্যস্ত কইনা! ক'লে, 'দৰাই অপেক্ষা কৰক'!

বিয়াৰ দিনা মেগী খোৱাত ব্যস্ত কইনা! ক’লে, ‘দৰাই অপেক্ষা কৰক’!

ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত কেতিয়াবা কিছুমান এনেকুৱা ভিডিঅ’ ভাইৰেল হৈ পৰে যিবোৰে মানুহক বৰ আমোদ দিয়ে। শেহতীয়াকৈ এগৰাকী কইনাৰ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। এই ভিডিঅ’ দেখি ৰাইজে বৰ ৰস পাইছে। ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী সুন্দৰী কইনাই তাইৰ মেকআপ কৰাই আছে আৰু বিয়াৰ সম্পূৰ্ণ সাজ নিপিন্ধাকৈ এটা বাটিৰ পৰা মেগী খাই আছে।

মেগী খাই ইণ্টাৰনেটত ভাইৰেল হোৱা কইনাগৰাকী

কইনাই মেগী খোৱাত ব্যস্ত থকাৰ বাবে মেকআপ আৰ্টিষ্টগৰাকীয়ে তেওঁক ভালকৈ মেকআপ লগাব পৰা নাই। সেয়েহে মেকাপ আৰ্টিষ্টগৰাকীয়ে কইনাক সোনকালে মেগী খাবলৈ কয় আৰু কয় যে বহুখিনি মেকআপ কৰিবলৈ বাকী আছে, অলপ পাছত দৰা আহি পাবহিয়েই। কিন্তু কইনাৰ সেইবোৰত গুৰুত্ব নাই। তেওঁ কেৱল গুৰুত্ব দিছে মেগী খোৱাত। তেনেতে বেলেগ লোকেও আহি কইনাক কয় যে সোনকালে খাই শেষ কৰা, দৰা আহি পাবৰ হৈছে, সাজু হোৱা সোনকালে।

‘দুলহা ৱেইট কৰেগা’ এই বাক্য বৰকৈ পডন্দ কৰিছে নে্টিজেনসকলে

মেগী পাগল কইনাই এইবোৰ শুনি অতি শান্তভাবে কয় যে ‘দুলহা ৱেইট কৰেগা’ অৰ্থাৎ ‘দৰাই অপেক্ষা কৰি থাকক’। কইনাৰ এই কাণ্ডকে কোনোৱে ভিডিঅ’ কৰি ৰাখে আৰু পাছত ছ’চিয়েল মিডিয়াত এৰি দিয়ে। এই ভিডিঅ’ই বৰকৈ আমোদ দিছে নেটিজেনসকলক। এই ভিডিঅ’টো মেগীপ্ৰেমীসকলে বৰ পচন্দ কৰিছে আৰু ইজনে সিজনক মেনছন কৰা দেখা গৈছে কমেণ্ট বক্সত। কইনাৰ এই আমোদজনক ভিডিঅ’টো এতিয়ালৈকে প্ৰায় ৪০ লাখতকৈও অধিক লোকে উপভোগ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular