spot_img
18.3 C
Guwahati
18.3 C
Guwahati
মঙলবাৰ, ডিচেম্বৰ 7, 2021
Homeআঞ্চলিকমহানগৰীত পুনৰ নৃশংস হত্য়াকাণ্ড: কোনে কিয় হত্যা কৰিলে মন্দিৰৰ পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীক?

মহানগৰীত পুনৰ নৃশংস হত্য়াকাণ্ড: কোনে কিয় হত্যা কৰিলে মন্দিৰৰ পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীক?

ডিজিটেল ডেস্ক : মহানগৰীত পুনৰ সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড৷ মহানগৰীৰ পল্টনবজাৰৰ কালিবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো৷ নাৰায়ন চক্ৰৱতী নামৰ এজন লোকৰ মৃতদেহ উদ্ধাৰ হয় ৰে’লৱেৰ কলনীৰ কোৱাটাৰত৷ জানিব পৰা মতে, ৰে’লৱে কোৱাটাৰটোৰ ৰখিয়া হৈ আছিল নাৰায়ন৷ কোৱাটাৰ মালিকে ষট পুজাৰ বাবে ঘৰলৈ গৈছিল আৰু তেনে সময়তে এই হত্যাকাণ্ড সংঘটিত হয়৷ উল্লেখ্য যে, বুধবাৰে নিশা ১১বজাত সঞ্জীৱ চৌধুৰীৰ কোৱাটাৰ লৈ অকলে আহিছিল মৃত নাৰায়ণ চক্ৰৱৰ্তী। নাৰায়ণ চৌধুৰী আৰু সঞ্জীৱ চৌধুৰী অতি ঘনিষ্ঠ বন্ধু আছিল বুলি জনাইছে স্থানীয় লোকে। কালিবাৰী মন্দিৰৰ পূজাৰী আছিল মৃত নাৰায়ণ চক্ৰৱৰ্তী৷ কোনে কি কাৰণত হত্যা কৰিলে সেয়া এতিয়াও সন্দেহৰ আবৰ্তত৷ জানিব পৰা মতে, নাৰায়ণ চক্ৰৱৰ্তীক হত্যা কৰা কোঠাটোৰ গৰাকী সঞ্জীৱ চৌধুৰীৰ ঘৰ আছিল ধুবুৰীত । সঞ্জীৱ চৌধুৰী ৰে’লৱেৰ এজন কৰ্মচাৰী আছিল । স্থানীয় লোকৰ মতে, পূৰ্বেও চৌধুৰী ঘৰলৈ গ’লে পূজাৰীজনক ঘৰৰ ৰখিয়া কৰি থৈ যায় ।

কালিবাৰী কালি মন্দিৰৰ পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীয়ে বুধবাৰে পুৱা মন্দিৰত পূজা কৰিছিল, ৰাতি নিজৰ ঘৰত ভাত খাই পুনৰ সঞ্জীৱ চৌধুৰীৰ কোঠাটোলৈ ৰাতি থাকিবলৈ আহিছিল । তাৰ পাছৰ পৰাই কোনো খবৰ নাছিল পূজাৰীজনৰ । বৃহস্পতিবাৰে পুৱাও মন্দিৰলৈ যোৱা নাছিল । সন্ধিয়াও পূজা কৰিবলৈ নোযোৱাত সন্দেহ হৈছিল পৰিয়ালৰ লোকৰ আৰু ইয়াৰ পাছতে মৃত অৱস্থাত উদ্ধাৰ হয় পূজাৰী চক্ৰৱৰ্তী ।

আনহাতে দিনৰ ভাগত কোনো সন্ধান নোপোৱাত কোঠাটোলৈ আহিছিল যদিও বাহিৰৰ পৰা তলা মাৰি থোৱা আছিল কোঠাটো । কিন্তু সন্ধিয়াৰ সময়লৈকে মন্দিৰলৈ নোযোৱাত সন্দেহ ওপজে পৰিয়ালৰ আৰু অৱশেষত বন্ধ কোঠাটোৰ ভিতৰতে উদ্ধাৰ হয় কালিবাৰী মন্দিৰৰ পূজাৰীজনৰ মৃতদেহ । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে উচ্চপদস্থ আৰক্ষী বিষয়া। সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে মুখ খুলিছে যদিও তদন্তৰ খাতিৰত বিশেষ একো কোৱা নাই আৰক্ষীয়ে।


তথ্য অনুসৰি,নাৰায়ণ চক্ৰৱৰ্তীৰ ঘৰ কোচবিহাৰত । পত্নীৰ ঘৰ বক্সিহাতত (অসম বেংগল সীমান্ত)৷ দুজনী কন্যা সন্তানৰ পিতৃ আছিল মৃত চক্ৰৱৰ্তী। ডাঙৰ জনীৰ বয়স ১৪ বছৰ সৰুজনী ৪বছৰ বুলি জানিবলৈ পোৱা গৈছে।আনফালে সোধ-পোচৰ বাবে আৰক্ষীয়ে আটক কৰিছে চুবুৰীয়া সত্য নাৰায়ণ বাছফ’ৰ নামৰ এগৰাকী ব্যক্তিক। মৃত নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নীকো সোধা-পোছাৰ বাবে লৈ যোৱা হৈছে থানালৈ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular