অধিক বিলম্ব ঘটিব বিটিচি নিৰ্বাচনত! স্বাস্থ্য বিভাগে দিছে স্থগিত ৰখাৰ প্ৰস্তাৱ

গুৱাহাটী : বিটিচিৰ পৰিষদীয় নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচন স্থগিত কৰাৰ বাবে ইতিমধ্যে স্বাস্থ্য বিভাগে নিৰ্বাচন আয়োগ আৰু মুখ্য সচিবক লিখিতভাৱে জনাইছে। কাৰণ এই সময়ত নিৰ্বাচন হ’লে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি মত প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী শৰ্মাই।

আৰু পঢ়িব পাৰিব: ‘সেৱা সপ্তাহ’ : জিএমচিএইচত বিশেষ অনুষ্ঠান, স্বাস্থ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

যদিহে নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে কেৱল বিটিএডিতে নহয় কৰ’না ভাইৰাছ সীমামূৰীয়া নলবাৰী, দৰং আদি জিলালৈ সংক্ৰমণ হোৱাৰ আশংকা আছে বুলি তেওঁ মত প্ৰকাশ কৰে । ইয়াৰ উপৰি তেওঁ কয়, ‘মই কোনো ৰাজনৈতিক দলক দোষ নিদিওঁ। কাৰণ এটা দলে নিৰ্বাচন খেলাৰ মন কৰিলে আন দলসমূহেও নিৰ্বাচন খেলাৰ মন কৰিব।’

আৰু পঢ়িব পাৰিব: গোলাঘাটত অবৈধ অস্ত্ৰৰ ঘাটি! গ্ৰেপ্তাৰ অস্ত্ৰধাৰী দুৰ্বৃত্ত

ইফালে, ‘AICC ৰ সেউজ সংকেত পালেই হিমন্ত কংগ্ৰেছলৈ উভতিব’ বুলি কংগ্ৰেছ নেতা ভূপেন বৰাই কৰা এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিমন্ত বিশ্বই কয়, ‘মোক এইবোৰ কথাত অযথা টানি লাভ নাই। ২০১২ চনৰ পৰিৱেশ হ’লে কথা আন আছিল। এতিয়া যদি টাইম মেচিনৰ জৰিয়তে পুনৰ সেই সময়লৈ উভতি যাব পাৰি তেনেহ’লে কথা সুকীয়া।’

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES