Google search engine
25.5 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeব্ৰেকিং নিউজভয়ংকৰ বাছ দুৰ্ঘটনা : থিতাতে নিহত ৩৫জন

ভয়ংকৰ বাছ দুৰ্ঘটনা : থিতাতে নিহত ৩৫জন

মধ্য প্ৰদেশ: মধ্য প্ৰদেশৰ চিধি জিলাত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ আজি পুৱা প্ৰায় ৭:৩০ বজাত এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা পৰি যায়৷ বৰ্তমানলৈ কমেও ৩৫টা মৃতদেহ উলিয়াই দিয়া হৈছে আনহাতে ২০ জন সন্ধানহীন হৈ আছে। প্ৰকাশ কৰা সূত্ৰ অনুসৰি প্ৰায় ৬৫ জন যাত্ৰী বাছখনত আছিল৷ ৰাজধানী ভূপালৰ পৰা প্ৰায় ৫৬০ কিলোমিটাৰ দূৰত মধ্য প্ৰদেশৰ চিধি জিলাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো৷

আৰু পঢ়িব পাৰিব : বহু প্ৰত্যাক্ষিত অসম আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ ফলাফল ঘোষণা

ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ (এছডিআৰএফ)ৰ এটা দলে সংশ্লিষ্ট অন্যান্য বিষয়াসকলৰ সৈতে পুৱা উদ্ধাৰ অভিযান আৰম্ভ কৰে বুলি মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়। চিকিৎসক আৰু এম্বুলেন্সবোৰো স্থানলৈ লৈ গৈছিল।

আৰু পঢ়িব পাৰিব : মৈৰাবাৰীত নিশা মৰেল পুলিচৰ প্ৰহাৰ কিশোৰক: আৰক্ষীৰ হাতত উদ্ধাৰ

“যি ঘটিছে সেয়া অত্যন্ত দুখজনক। উদ্ধাৰৰ কাম ইতিমধ্যে চলি আছে। মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব। সমগ্ৰ ৰাজ্য দুৰ্ভগীয়া পৰিয়ালৰ সৈতে আছে,” শিৱৰাজ সিং চৌহানে এটা ভিডিঅ’ বাৰ্তাত এই কথা প্ৰকাশ কৰে৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.5 ° C
25.5 °
25.5 °
96 %
0.7kmh
100 %
Mon
31 °
Tue
31 °
Wed
30 °
Thu
33 °
Fri
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular