spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeৰাষ্ট্ৰীয়যাত্ৰীবাহী বাছত টেংকাৰৰ প্ৰচণ্ড খুন্দা, জুয়ে আগুৰি ধৰিলে বাছ; জীৱন্তে অগ্নিদগ্ধ ১২...

যাত্ৰীবাহী বাছত টেংকাৰৰ প্ৰচণ্ড খুন্দা, জুয়ে আগুৰি ধৰিলে বাছ; জীৱন্তে অগ্নিদগ্ধ ১২ যাত্ৰী

ডিজিটেল ডেস্ক : ভয়ংকৰ দুৰ্ঘটনা। শুনিলেই গা শিয়ঁৰি উঠা এটা ঘটনা। এই ভয়ংকৰ দুৰ্ঘটনাই শোকাৱহ আৰু অভাৱনীয় এক পৰিস্থিতিৰ সৃষ্টি কৰিলে। দুৰ্ঘটনাগ্ৰস্ত এখন যাত্ৰীবাহী বাছক নিমিষতে আগুৰি ধৰিলে জুয়ে। নিমিষতে হুৱাদুৱা লাগি গ’ল চৌপাশে, জীৱন্তে অগ্নিদগ্ধ হ’ল কমেও ১২জন লোক। বাছখনে এখন টেংকাৰত খুন্দা মৰাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। বুধবাৰে সংঘটিত হোৱা এই দুৰ্ঘটনাই এতিয়া সকলোৰেই গাৰ নোম ঠিয় কৰাই পেলাইছে।

ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ বাৰমাৰ-জোধপুৰ হাইৱে’ত। পুৱা ৯.৫৫বজাত বাছখনে বাতলতাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। যাত্ৰীভৰ্তি বাছখনৰ বাবে পিছে কালৰূপত ৰৈ আছিল এখন টেংকাৰ। হাইৱেত এক নিয়মীয়া গতিৰে গৈ থকা বাছখনৰ সন্মুখত হঠাতে উপস্থিত হৈছিল বিপৰ্যয়। ভুল দিশৰ পৰা আহি থকা এখন টেংকাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল বাছখনৰ। তাৰ পাছতে জুয়ে আগুৰি ধৰে বাছখন। দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল ২৫জনকৈ যাত্ৰী।

ইয়াৰে ১০জন লোকক উদ্ধাৰ কৰা সম্ভৱ হয়। কমেও ১২জন লোক জীৱন্তে অগ্নিদগ্ধ হয়। এই শোকাৱহ দুৰ্ঘটনাটোৰ পাছতে চৌদিশে হুৱা-দুৱা লাগি পৰে। উদ্ধাৰকাৰী আৰু প্ৰশাসনৰ লোকে তৎপৰতাৰে পৰিস্থিতি চম্ভালি লোৱাৰ চেষ্টা কৰে যদিও জুয়ে বাছখন গ্ৰাস কৰি পেলায়। এই দুৰ্ঘটনাৰ পাছতে হাইৱেটোত প্ৰচণ্ড যান-জঁটৰো সৃষ্টি হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular