spot_img
26 C
Guwahati
26 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআঞ্চলিক৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল : ভাগ্য নিৰ্ণয় হ'ব ৩১ গৰাকী প্ৰাৰ্থীৰ

৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল : ভাগ্য নিৰ্ণয় হ’ব ৩১ গৰাকী প্ৰাৰ্থীৰ

গুৱাহাটী : আজি ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব৷ উজনিৰ গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে থাওৰা, মৰিয়নী সমষ্টিৰ ঘোষণা হ’ব ফলাফল৷ ইয়াৰ উপৰি নামনিত তামুলপুৰ, ভৱানীপুৰ আৰু গোসাঁইগাঁও সমষ্টিৰো ফলাফল আজি ঘোষণা কৰা হ’ব৷

ইতিমধ্যে ভোট গণনাৰ বাবে সাজু হৈছে সংশ্লিষ্ট বিষয়া তথা কৰ্মচাৰীসকল৷ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোট গণনা প্ৰক্ৰিয়া৷ ৫টা সমষ্টিত উপ-নিৰ্বাচনত অৱতীৰ্ণ হৈছিল মুঠ ৩১ গৰাকী প্ৰাৰ্থী৷ জিলা প্ৰশাসন তথা চৰকাৰৰ তৰফৰ পৰা ভোট গণনা কেন্দ্ৰত কোনো যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে৷ গণনা স্থানত তিনিখলপীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা৷

প্ৰতিটো ভোট গণনা কেন্দ্ৰত গণনা টেবুলৰ সংখ্যা ৭ খন৷ ভোট গণনাৰ বাবে ৫টা সমষ্টিত আছে ১৪১ গৰাকী গণনা পৰ্যৱেক্ষক, ১৫০ গৰাকী গণনা সহায়ক, ১৪০ গৰাকী মাইক্ৰ’ অৱজাৰভাৰ৷ গণনাৰ বাবে আছে মুঠ ১৮টা হল, ৯৮খন টেবুল৷ ৫ গৰাকী ৰিটাৰ্ণিং বিষয়া, ২৮ গৰাকী সহকাৰী ৰিটাৰ্ণিং বিষয়াক দায়িত্ব দিয়া হৈছে উপ-নিৰ্বাচনৰ ভোটগণনাৰ দায়িত্ব৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular