spot_img
26 C
Guwahati
26 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআঞ্চলিকসম্বলহীন মানুহ অধিক বিদ্ৰোহী হয়, মুখ্যমন্ত্ৰীয়ে এবাৰ চিন্তা কৰক

সম্বলহীন মানুহ অধিক বিদ্ৰোহী হয়, মুখ্যমন্ত্ৰীয়ে এবাৰ চিন্তা কৰক

ডিজিটেল ডেস্ক : কৃষকৰ নেৰানেপেৰা সংগ্ৰাম আৰু দৃঢ় মনোবলৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ’ল কেন্দ্ৰীয় চৰকাৰ। বাতিল হ’ল তিনিখনকৈ বিতৰ্কিত কৃষি আইন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি এই আইন বাতিল কৰাৰ কথা ঘোষণা কৰিলে। তাৰ পাছতে এতিয়া সমগ্ৰ দেশতে আন এটা বিষয়ে চৰ্চা লাভ কৰিছে। নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগ। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সমগ্ৰ দেশজুৰি চলা প্ৰৱল আন্দোলনৰ কাংক্ষিত পৰিণতি নাহিল যদিও এতিয়া কৃষকৰ আন্দোলনৰ সফলতাই পুনৰ সংগ্ৰামী জনগণক উদ্বুদ্ধ কৰি তুলিছে। পুনৰ ‘কা’বিৰোধী আন্দোলনক ৰূপদান কৰাৰ বাবে এতিয়া অন্তৰ্সলিলা ফল্পুৰ দৰে প্ৰস্তুতি চলিছে।

এই প্ৰস্তুতিৰ উমান পায়েই যেন এতিয়া আকৌ ক্ষিপ্ত হৈ উঠিছে চৰকাৰো। সংগ্ৰামী জনগণক তুচ্চ-তাচ্চিল্য কৰাৰ জৰিয়তে চৰকাৰ তথা চৰকাৰৰ অনুগতসকলে এই আন্দোলনৰ পুনৰ জাগৰণক নস্যাৎ কৰি দিব বিচাৰিছে। অসমতো তাৰ ব্যতিক্ৰম হোৱা নাই। অসমতো গা কৰি উঠিব খোজা ‘কা’ আন্দোলনক তুচ্চ-তাচ্চিল্য কৰাৰ উপৰি এই আন্দোলনৰ ন্যয্যতাকে অস্বীকাৰ কৰিব বিচাৰিছে চৰকাৰে।
শেহতীয়াকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে, অসমৰ মানুহে এতিয়া আন্দোলন কৰিব নিবিচাৰে। তেওঁলোকে এতিয়া জীৱন-জীৱিকাৰ চিন্তাতহে নিমগ্ন হৈছে। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ এক গভীৰ তাৎপৰ্য আছে। তেওঁ নিজ মুখেই এইকথা প্ৰকাশ কৰি দিলে যে, অসমৰ মানুহ জীৱন-জীৱিকাৰ চিন্তাত এতিয়া ব্যতিব্যস্ত হৈ পৰিছে। কিয়নো দেশ তথা ৰাজ্যৰ অৰ্থনীতিৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। যাৰ বাবে অসমৰ মানুহে এতিয়া জীৱন-ধাৰণৰ মৌলিক উপাদানবোৰ সংগ্ৰহৰ চিন্তাতে সময় পাৰ কৰিবলগীয়া হৈছে।

অৰ্থাৎ শোচনীয় বিত্তীয় অৱস্থাত অসমৰ মানুহ এতিয়া ব্যতিব্যস্ত। এনে পৰিপ্ৰেক্ষিতত পুনৰ এটা আন্দোলনে গা কৰি নুঠে বুলি চৰকাৰ পতিয়ন গৈছে।কিন্তু জীৱন-জীৱিকাৰ চিন্তাত ব্যতিব্যস্ত হৈ জীৱনৰ গুৰুত্বপূ্ৰ্ণ বিষয় একোটাক উপেক্ষা কৰি চলিবলগীয়া হোৱা পৰিস্থিতি জানো এখন চৰকাৰৰ বাবে সকাহ লাভ কৰিবলগীয়া কথা হয়? চৰকাৰ লজ্জিত হোৱা উচিত নাছিলনে যে, এনে এটা পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাজ্যৰ জনগণ? ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা ইমান শোচনীয় হৈ পৰাটো চৰকাৰৰ ব্যৰ্থতাৰে পৰিচায়ক আৰু এই ব্যৰ্থতাক চৰকাৰে নিজমুখে একপ্ৰকাৰ স্বীকাৰ কৰি ল’লে।


পেট্ৰ’ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় ইন্ধনৰ ব্যাপক দাম বৃদ্ধিৰ পৰা আৰম্ভ কৰি শাক-পাচলি, মিঠাতেল, দাইললৈকে সকলো বস্তুৰ অভূতপূৰ্ণ দামবৃদ্ধিয়ে এতিয়া ৰাজ্যৰ জনগণক বিপৰ্যস্ত কৰি তুলিছে। তাৰ মাজতে চৰকাৰে বিলাসবহুলতা কিন্তু পৰিত্যাগ কৰা নাই। ৰাজ্যৰ জনগণক চেপা-খুন্দা মাজত থাকিবলৈ দি এনেদৰে তেওঁলোকৰ অসহায় অৱস্থাক লৈ তুচ্চ-তাচ্চিল্য কৰাটো তথা সন্তুষ্টি লভাটো নিশ্চয় ভাল ভৱিষ্যতৰ ইংগিত নহয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular