spot_img
20 C
Guwahati
20 C
Guwahati
সোমবাৰ, অক্টোবৰ 25, 2021
Homeআঞ্চলিকএইবাৰ মুঠ চৰকাৰী বন্ধৰ দিন হ'ব ৩৪ টা ; কেবিনেটৰ সিদ্ধান্ত...

এইবাৰ মুঠ চৰকাৰী বন্ধৰ দিন হ’ব ৩৪ টা ; কেবিনেটৰ সিদ্ধান্ত…

গুৱাহাটী: আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ পাছত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেলযোগে সদৰী কৰা সিদ্ধান্তসমূহ হ’ল-

১/ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ বাবে চলিত বৰ্ষত ৪০০ কোটি টকা অনুমোদন।

২/ প্ৰধানমন্ত্ৰী পদপথ ব্যৱসায়ী আত্মনিৰ্ভৰ আঁচনিৰ অধীনত ঋণৰ ক্ষেত্ৰত পদপথ ব্যৱসায়ীসকলক ষ্টাম্প ডিউটী ৰেহাইৰ সিদ্ধান্ত। ৰাজ্য চৰকাৰে নিজে বহন কৰিব এই ষ্টাম্প ডিউটী। ইয়াৰ দ্বাৰা ৰাজ্যৰ ৫২ হাজাৰ পদপথ ব্যৱসায়ীয়ে সকাহ পাব।

৩/ মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্যিক জিএছটি ৰেহাই দিয়াৰ সিদ্ধান্ত। পাছত ৰি-ইম্বাৰ্ছমেণ্টৰ জৰিয়তে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব।

৪/ ২০২২ চনৰ কেলেণ্ডাৰত চৰকাৰী বন্ধৰ দিন নিৰ্ধাৰণ কৰা হয়। এইবাৰ মুঠ চৰকাৰী বন্ধৰ দিন হ’ব ৩৪ টা।

৫/ বৰাক উপত্যকাৰ বাবে বন বিভাগৰ এটা বন্যপ্ৰাণী মণ্ডল গঠনত অনুমোদন ।

৬/ এতিয়াৰে পৰা সকলো চৰকাৰী নথিত ইংৰাজী গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ তাৰিখৰ লগতে অসমীয়া কেলেণ্ডাৰৰ তাৰিখো উল্লেখ কৰিবলৈ সিদ্ধান্ত লোৱা হয়। সহযোগী ৰাজ্যিক ভাষা বাঙালী আৰু বড়ো ভাষাৰ কেলেণ্ডাৰৰ তাৰিখ অসমীয়া কেলেণ্ডাৰৰ সৈতে একে। গতিকে বৰাক আৰু বিটিআৰৰ এলেকাত এই দুই সহযোগী ভাষাত তাৰিখ লিখিব পাৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular