spot_img
31 C
Guwahati
Wednesday, September 22, 2021
spot_img
Homeআঞ্চলিকসুদীৰ্ঘ পাঁচ বছৰ ৭২ দিনৰ পাছত কইনাধৰাত অনুষ্ঠিত কেবিনেট বৈঠক

সুদীৰ্ঘ পাঁচ বছৰ ৭২ দিনৰ পাছত কইনাধৰাত অনুষ্ঠিত কেবিনেট বৈঠক

গুৱাহাটী : সুদীৰ্ঘ পাঁচ বছৰ ৭২ দিনৰ পাছত কইনাধৰাত অনুষ্ঠিত হয় কেবিনেট বৈঠক৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালৰ শেষত ২০১৬ চনৰ ২০ মে ত অনুষ্ঠিত হৈছিল অন্তিমখন বৈঠক৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ১৫ বছৰীয়া কাৰ্যকালৰ পাছত সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত অধিকাংশ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল জনতা ভৱন কিম্বা ব্ৰক্ষ্মপুত্ৰ ৰাজ্যিক অতিথি শালাত৷


বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো অধিকাংশ কেবিনেট বৈঠক জনতা ভৱনত অনুষ্ঠিত কৰিছে ৷ কিন্তু আজি তেঁওৰ কাৰ্যকালত প্ৰথমবাৰলৈ কইনাধৰাত অনুষ্ঠিত হয় কেবিনেট বৈঠক৷


উল্লেখ্য যে হিমন্ত বিশ্ব মন্ত্ৰীসভাৰ প্ৰথম ১৯খন কেবিনেট জনতা ভৱনত অনুষ্ঠিত হোৱাৰ বিপৰীতে  ২০নং কেবিনেটখন কইনাধৰাত অনুষ্ঠিত কৰাৰ পাছত ৰাজ্যৰ ৰাজনীতিত পুনৰ এবাৰ প্ৰাসংগিকতা বাঢ়িছে কইনাধৰাৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
31 ° C
31 °
31 °
66 %
0kmh
75 %
Wed
30 °
Thu
32 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular