spot_img
27 C
Guwahati
27 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআঞ্চলিকদেৱালী দিনাই কেবিনেটত ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দেৱালী দিনাই কেবিনেটত ল’লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী : আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ পাছতে সংবাদমেল সম্বোধন কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু যোগেন মহনে৷ এপিএছইৰ সলনি এতিয়াৰ পৰা মুখ্য সচিবৰ নেতৃত্বাধীন এক কমিটিয়ে স্বাস্থ্য বিভাগৰ সঞ্চালক, যুটীয়া সঞ্চালক আদিক নিযুক্তি দিব বুলি কেবিনেটত সিদ্ধান্গ গ্ৰহণ কৰে৷

কেবিনেটত লোৱা সিদ্ধান্তসমূহক লৈ মন্ত্ৰী যোগেন মোহনে কয়, “ৰাজহ বিভাগত বিগত সময়ত ভূমি আবণ্টন লাভ কৰা ২ লাখ লোকে ম্যাদি পত্তাৰ বাবে আৱেদন কৰিব পাৰিব। পূৰ্বে আবণ্টন ৩ বছৰৰ পাছত হে ম্যাদি পতা দিয়াৰ নিয়ম আছিল।” ইয়াৰ উপৰি মিছন বসুন্ধৰা আঁচনিৰ পৰ্টেলত ১ লাখ ৬৮২ খন আৱেদন কৰিছে। ৰাজ্যত ২০০ খন ৰাজহ আদালতৰ দ্বাৰা কাম চলি আছে। একচনীয়া মাটিৰ ক্ষেত্ৰতো মিছন বসুন্ধৰা যোগেদি ৰাইজ উপকৃত হ’ব। ট্ৰাইবেল বেল্টৰ ভূমিৰ বাবে জিলা উপায়ুক্তই ছেল্ফ পাৰ্মিচন দিব পাৰিব বুলি উল্লেখ কৰে৷

ইপিনে মন্ত্ৰী কেশৱ মহন্তই কয়, “নামঘৰীয়া আৰু মন্দিৰৰ পূজাৰীসকলক এককালীন সাহাৰ্য্য ১৫ হেজাৰ টকাকৈ দিয়া হ’ব। কমিটীয়ে স্থায়ীভাৱে নিয়োগ কৰা নামঘৰীয়া আৰু পূজাৰী হ’ব লাগিব। ৫ বছৰ এই বৃত্তিত নিয়োজিত হ’ব লাগিব। লগতে নূন্যতম বয়স ৪০ বছৰ হ’ব লাগিব।” প্ৰব্ৰজনকাৰী শ্ৰমিক সকলৰ বাবে ফুড চিকউটিৰ স্কীমৰ দ্ধাৰা ৰেচন প্ৰদান কৰিব। এখনকৈ কাৰ্ড তেওঁলোকক দিয়া হ’ব। চাহ শ্ৰমিকসকললৈ মেডিকেলৰ কোটা হিচাপে মেডিকেল পঢ়িবলৈ ২৪ জন ছাত্ৰই সুবিধা পাব। ইয়াৰে ব্ৰহ্মপুত্ৰত উপত্যকাত ১৮ জন আৰু বৰাক উপত্যকাত ৬ জন ছাত্ৰ।

অহা ২২ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ এসপ্তাহৰ কাৰ্যসূচীৰে ভেকচিনৰ বাবে ভোটকেন্দ্ৰৰ ব্যৱস্থা কৰা হ’ব। মুখ্যমন্ত্ৰী আৰু মুখ্য সচিৱ আৰু মন্ত্ৰী, বিধায়কৰ লগতে বিষয়াসকলে এটা এটা ভোটকেন্দ্ৰেত ৰাইজে ভেকচিন লাভ কৰিছে নাই খবৰ ল’ব।

মাইক্ৰফাইনেঞ্চৰ ঋণৰ আঁচনিৰ ধন বেংকৰ লগত লেনদেন কৰি থকা সকললৈ নৱেম্বৰৰ ২৮,২৯ আৰু ৩০ তাৰিখে ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰা হ’ব। ৯ খন জিলাত প্ৰথমে চেক বিতৰণ কৰা হ’ব। প্ৰতিমাহে ৮-৯ খনকৈ জিলাত ১১ লাখ মহিলাক এই আঁচনী প্ৰদান কৰা হ’ব। (শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট, শোণিতপুৰ, মাজুলী, ডিমা হাচাও, ৱেষ্ট কাৰ্বি আংলং)

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular