spot_img
26 C
Guwahati
Wednesday, September 29, 2021
Homeক্ৰীড়াক্লাৱৰ প্ৰত্যাশা পূৰণ কৰিব পাৰিবনে মেছী-ৰ’নাল্ডই ?

ক্লাৱৰ প্ৰত্যাশা পূৰণ কৰিব পাৰিবনে মেছী-ৰ’নাল্ডই ?

নতুন দিল্লীঃ ফুটবল ইতিহাসৰ আটাইতকৈ ৰোমাঞ্চকৰ ৰদবদল সম্ভৱতঃ এয়াই প্ৰথম! ক্ৰিষ্টিয়ানো ৰ’নাল্ডো আৰু লিঅ’নেল মেছীয়ে একেটা ছিজনতে দল সলনি কৰা বিৰল দৃশ্য লক্ষ্য কৰিছে ক্ৰীড়ানুৰাগীয়ে। দুয়োগৰাকী তাৰকা ফুটবলাৰে মাত্ৰ কেইদিনমানৰ ভিতৰতে তেওঁলোকৰ ঠিকনা সলনি কৰা পৰিলক্ষিত হৈছিল। আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰ লিঅ’নেল মেছীয়ে বাৰ্চিলোনাৰ সৈতে ২১বছৰীয়া দীৰ্ঘ সম্পৰ্ক ছিন্ন কৰি পিএছজিত যোগদান কৰাৰ বিপৰীতে পৰ্তুগীজ তাৰকা ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে জুভেণ্টাছৰ পৰা ম্যানচেষ্টাৰ ইউনাইটেডৰ সৈতে দুবছৰীয়া চুক্তি-পত্ৰত ইতিমধ্যে স্বাক্ষৰ কৰিছে।


উল্লেখ্য যে, ৩৬ বছৰীয়া ৰ’নাল্ডোৱে বিগত ছিজনত ক্লাব আৰু ইউৰোত দেশৰ হৈ মুঠ ৪৮ খন খেলত ৪১ টা গ’ল দিবলৈ সক্ষম হৈছে। এই বয়সতো গ’ল দিয়া তথা তেওঁৰ ক্ষিপ্ৰতাই যিকোনো যুৱ ফুটবলাৰক প্ৰত্যাহ্বান জনোৱাৰ বাবে যথেষ্ট। স্বাভাৱিকতে পৰ্তুগীজ ছুপাৰষ্টাৰজনে দলটোত যোগদান কৰাৰ বাবে ৰেড ডেভিলছৰ শক্তি যথেষ্ট বৃদ্ধি পাইছে। আনহাতে, ৩৪ বছৰীয়া লিঅ’নেল মেছীয়ে কোপা আমেৰিকাত আৰ্জেণ্টিনাৰ হৈ ৫৪ খন খেলত ৪২ টা গ’ল স্ক’ৰ কৰিছে।

আৰ্জেন্টিনাৰ ছুপাৰষ্টাৰজনে পিএছজিত যোগদান কৰাৰ লগে লগে মেছী-নেইমাৰৰ যুগলবন্দীত পেৰিছ ক্লাৱটো অধিক তৰান্বিত হোৱাৰ আশংকা বৃদ্ধি পাইছে। লিঅ’নেল মেছী আৰু ক্ৰিষ্টিয়ানো ৰ’নাল্ডো এতিয়াও যিকোনো দলৰ বাবে অমূল্য সম্পদ যদিও ৩০ উৰ্ধ্বৰ দুয়োজন ফুটবলাৰে কিমান দিনলৈ তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন প্ৰদান কৰিবলৈ সক্ষম হ’ব তাকে লৈ গুণা-গঁথা চলাও দেখা গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
light rain
26 ° C
26 °
26 °
89 %
0kmh
75 %
Wed
31 °
Thu
31 °
Fri
32 °
Sat
32 °
Sun
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular