spot_img
25 C
Guwahati
25 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeআঞ্চলিককম দামত পৰিধান কৰিব নোৱাৰিব সাজ-পোছাক : সাধাৰণ জনতাক মাধমাৰ শোধাই পুনৰ...

কম দামত পৰিধান কৰিব নোৱাৰিব সাজ-পোছাক : সাধাৰণ জনতাক মাধমাৰ শোধাই পুনৰ বৃদ্ধি জিএছটি

ডিজিটেল ডেস্ক : সাধাৰণ জনতাক মাধমাৰ শোধাই পুনৰ বৃদ্ধি হৈছে সামগ্ৰীৰ মূল্য৷ পুনৰ দামবৃদ্ধিৰ নামত ৰাইজৰ মূৰত ৰামটাঙোন শোধালে শাসনাধীস্থ বিজেপি চৰকাৰে৷ দেশত ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি পালে জিএছটি৷ জিএছটি বৃদ্ধি পোৱা সামগ্ৰবোৰ হৈছে সাজ-পোছাক, জোতা আৰু সূতা৷ ইতিমধ্যে বৰ্ধিত প্ৰেট’ল-ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰী মূল্যই জৰ্জৰিত কৰি তুলিছিল ৷

পুনৰবাৰ আকাশলংঘী দামবৃদ্ধিৰে জনতাক মাধমাৰ শোধাইছে কেন্দ্ৰই৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতেই সৰ্বত্ৰে চৰ্চিত হৈছে চৰকাৰ৷ উল্লেখ্য যে, ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব বৰ্ধিত জিএছটিৰ নিৰিখ৷ ইয়াৰ পাছতেই কম দামত সাজ-পোছাক কিনাৰ পৰা বঞ্চিত হ’ব ক্ৰেতা৷

আৰ্থিক মন্দৱস্থাৰ সময়তে বিত্ত মন্ত্ৰ্যালয়ৰ এই নিৰ্দেশত মুৰে-কপালে হাত দিৱলগীয়া অৱস্থা হৈছে সাধাৰণ জনতাৰ৷ দামবৃদ্ধিৰ আশংকাই ভীতিগ্ৰস্ত কৰিছে সাধাৰণ জনতাক৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular