spot_img
14 C
Guwahati
14 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeক্ৰীড়ামুকুটবিহীন কোহলীয়ে কেনেকৈ থাকিব ভাৰতীয় দলত? ৰোহিত শৰ্মাই দিলে সমাধান…

মুকুটবিহীন কোহলীয়ে কেনেকৈ থাকিব ভাৰতীয় দলত? ৰোহিত শৰ্মাই দিলে সমাধান…

নতুন দিল্লীঃ ভাৰতীয় ক্ৰিকেটত আমূল পৰিৱৰ্তন। ৰোহিত-ৰাহুলেই হৈ পৰিছে সৰ্বসৰ্বা। টি-২০ বিশ্বকাপৰ পাছতে দলীয় পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে ভাৰতীয় শিবিৰত। নিউজিলেণ্ডৰে তিনিখন শৃংখলাত ভাৰতীয় দলটোক নেতৃত্ব দিব অধিনায়ক ৰোহিত শৰ্মাই। সম্প্ৰতি বিৰাট কোহলীক এই শৃংখলাটোত বিশ্ৰাম দিয়া হৈছে। কিন্তু যেতিয়া তেওঁ মূল একাদশলৈ উভতি আহিব তেতিয়া তেওঁ কেনেধৰণৰ ভূমিকা পালন কৰিব? নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ পূৰ্বে এখন সংবাদমেলত ৰোহিত শৰ্মাই কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য।

ভাৰতীয় দলৰ নৱ নিযুক্ত অধিনায়ক ৰোহিত শৰ্মাই কয়, ‘তেওঁ দলটোৰ বাবে আগতে যি কৰিছিল এতিয়াও তাকেই কৰিব। কোহলী ভাৰতীয় দলৰ এজন অতি গুৰুত্বপূৰ্ণ ক্ৰিকেটাৰ। তেওঁ যদি খেলে তেন্তে ভাৰতীয় দলত ইয়াৰ প্ৰভাৱ পৰিবই। তেওঁ দলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰত্যেকৰে নিজস্ব ভূমিকা আছে। প্ৰথমে বেটিং কৰাৰ সময়ৰ ৰণকৌশল বেলেগ, পাছত বলিং কৰিলে তাৰ প্ৰস্তুতি ভিন্ন। কোহলী দললৈ উভতি আহিলে তেওঁৰ অভিজ্ঞতাই দলটোক সহায় কৰিব। কোহলী যি ধৰণৰ বেটছমেন, সেইটোৱে দলটোক আৰু অধিক শক্তিশালী কৰিব।’


টি-২০ বিশ্বকাপত ভাৰতে ছুপাৰ-১২ ৰ পৰা বিদায় মাগিছিল। পৰৱৰ্তী সময়ৰ বাবে কেনেকৈ সাজু হ’ব ভাৰত? এই প্ৰসংগত ৰোহিতে কয়, ‘আমি ভালদৰে সাজু থাকিব লাগিব। এনে ক্ৰিকেটত ভাৰত অনন্য,অদ্বিতীয়। আমি আইচিচি টুৰ্ণামেণ্ট নিজিকিলেও দল হিচাপে ভাল খেলিছিলো। আমাৰ অলপ ভুল হৈছিল সেইটো সঁচা। প্ৰতিটো দলতে এইবোৰ থাকে। ইয়াৰ মাজতে আমি আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াবলৈ চেষ্টা কৰিব লাগিব। নিজকে শক্তিশালী ৰূপত গঢ়ি তুলিব পাৰিব লাগিব।’ যি কি নহওক ৰোহিত শৰ্মাৰ এই মন্তব্যই ক্ৰীড়ানুৰাগীৰ মনত ব্যাপক প্ৰচাৰ লাভ কৰা দেখা গৈছে। কোহলীৰ প্ৰতি ৰোহিতৰ এই সহমৰ্মিতাই দৃষ্টিআকৰ্ষণ কৰিছে সকলোৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular