spot_img
27 C
Guwahati
27 C
Guwahati
মঙলবাৰ, অক্টোবৰ 19, 2021
Homeৰাষ্ট্ৰীয়ইতিমধ্যেই ভুগি আছে ২০ বছৰৰ কাৰাবাস : 'পুনৰ হত্যাৰ গোচৰত দোষী...

ইতিমধ্যেই ভুগি আছে ২০ বছৰৰ কাৰাবাস : ‘পুনৰ হত্যাৰ গোচৰত দোষী ‘ভগৱান’, এইবাৰ কি শাস্তি?

ডিজিটেল ডেস্কঃ গুৰমিট ৰাম ৰহিমক মনত আছেনে? এসময়ত এইজন স্বয়ম্ভূ ‘ভগৱান’ৰ লীলাই সকলোৰে চকু কপালত তুলিছিল। তেওঁৰ আছিল অগণন ভক্তও। ঢেৰা সচ্ছা ছৌডা নামৰ সংস্থাটোৰ মুৰব্বী ৰাম ৰহিমৰ আগে-পিছে শাৰী-পাতি ভক্তগণে পূজা-অৰ্চনা কৰিছিল। তেওঁৰ অৱতাৰী মহিমাৰ কথা বৰ্ণাই নিৰ্মাণ হৈছিল চলচ্চিত্ৰও। কিন্তু সেই স্বয়ম্ভূ ভগৱান ৰাম ৰহিম এতিয়া কাৰাগাৰত।

কাৰাগাৰৰ চিৰবেৰৰ মাজতে তেওঁ প্ৰায় ৪ বছৰ কাল অতিবাহিত কৰিলে৷ ২০১৭ চনৰ ২৫ আগষ্টত ৰাম ৰহিমক ২০বছৰৰ কাৰাদণ্ড বিহিছিল পঞ্চকুলাৰ চিবিআই আদালতে। দুগৰাকী মহিলাৰ ধৰ্ষণ কাণ্ডত অভিযুক্ত হোৱাৰ লগতে সাংবাদিক ৰামচন্দৰ ছত্ৰপতিৰ হত্যাৰ অপৰাধত দোষী সাব্যস্ত হৈ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছিল ৰাম ৰহিম। বিগত ৪ বছৰ বন্দিত্বৰ জীৱন কটাই আছে স্বয়ম্ভূ ভগৱানজনে।

শুকুৰবাৰে পুনৰ চিবিআইৰ বিশেষ পঞ্চকুলাৰ আদালতে ৰাম ৰহিমক ২০০২ চনত তেওঁৰ অনুগামী তথা ডেৰাৰ প্ৰাক্তন মেনেজাৰ ৰঞ্জিত সিঙক হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত কৰে। চিবিআইৰ বিশেষ ন্যায়াধীশ সুশীল কুমাৰ গাৰ্গৰ দ্বাৰা এই ৰায় ঘোষণা কৰা হয় আৰু ১২ অক্টোবৰত প্ৰদান কৰা হ’ব শাস্তিৰ ৰায়। চিবিআইৰ বিশেষ আদালতে ভাৰতীয় পেনেল কোডৰ ধাৰা ৩০২ৰ অধীনত ৰাম ৰহিমৰ বিৰুদ্ধে হত্যাৰ গোচৰ পঞ্জীয়ন কৰিছিল।

উল্লেখ্য যে, ২০০২ চনৰ ১০ জুলাইত কুৰুক্ষেত্ৰৰ ৰঞ্জিত সিঙৰ জন্মস্থান খানপুৰ কলিয়ান গাঁৱত চাৰিজন আক্ৰমণকাৰীয়ে ৰঞ্জিত সিঙক গুলীয়াই হত্যা কৰিছিল। ইয়াৰ পাছৰ পৰাই সেই হত্যাকাণ্ডৰ বিচাৰ চলি আছিল৷ অৱশেষত আদালতে এই হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত কৰিলে বিতৰ্কিত ৰাম ৰহিম আৰু আন চাৰিজন লোকক৷ এতিয়া অপেক্ষা মাথোঁ ১২ অক্টোবৰলৈ… কি শাস্তি দিয়া হ’ব স্বয়ম্ভূ ভগৱানক…!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular