spot_img
24.4 C
Guwahati
Monday, September 20, 2021
spot_img
Homeৰাষ্ট্ৰীয়২২স্থানত মাৰাথন অভিযান চিবিআইৰ, আইএএছ বিষয়াৰ ঘৰতো কেন্দ্ৰীয় সংস্থাৰ দল

২২স্থানত মাৰাথন অভিযান চিবিআইৰ, আইএএছ বিষয়াৰ ঘৰতো কেন্দ্ৰীয় সংস্থাৰ দল

শ্ৰীনগৰ : জম্মু-কাশ্মীৰত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআইৰ মাৰাথন অভিযান। শনিবাৰে পুৱাৰে পৰা কেন্দ্ৰশাসিত প্ৰদেশখনৰ ২২টাকৈ স্থানত অভিযান চলায় চিবিআই-এ। মাৰনাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ অবৈধ বিক্ৰী সম্পৰ্কীয় এটা গোচৰত এই তালাচী চলায় কেন্দ্ৰীয় সংস্থাটোৱে। এই গোচৰৰ সৈতে সম্পৰ্ক থকা জম্মু-কাশ্মীৰৰ এগৰাকী জ্যেষ্ঠ আইএএছ বিষয়া শ্বাহিদ ইকবাল চৌধুৰীৰ ঘৰতো তালাচী চলায় চিবিআই-এ।

অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া চৌধুৰী সম্প্ৰতি জম্মু-কাশ্মীৰৰ ‘মিছন য়ুথ’ৰ সচিব তথা মুখ্য কাৰ্যবাহী বিষয়া হৈ আছে। তেওঁ ইয়াৰ পূৰ্বে কাঠুৱা, ৰেয়াছী, ৰাজৌৰী আৰু উধামপুৰৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। এই সময়ছোৱাত তেওঁ ভুৱা নামত কেইবা সহস্ৰ মাৰনাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল বুলি অভিযোগ উঠিছিল।

এই সংক্ৰান্তীয় গোচৰত কমেও আঠগৰাকী উপায়ুক্তৰ বিৰুদ্ধে ২০১২ চনৰে পৰা তদন্ত চলাই আছে কেন্দ্ৰীয় সংস্থাটোৱে। জম্মু-কাশ্মীৰৰ পৰা ২ লাখৰো অধিক মাৰনাস্ত্ৰৰ অনুজ্ঞাপত্ৰ জাৰি কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতে এই তদন্ত প্ৰক্ৰিয়া চলাই থকা হৈছে। ইয়াক দেশৰ ভিতৰতে সৰ্ববৃহৎ ‘গান লাইচেন্স ৰেকেট’ বুলি ধাৰণা কৰা হয়। যোৱা বছৰ এগৰাকী আইএএছ বিষয়াসহ দুগৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰিছিল চিবিআই-এ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
clear sky
24.4 ° C
24.4 °
24.4 °
92 %
1.1kmh
6 %
Tue
30 °
Wed
27 °
Thu
30 °
Fri
32 °
Sat
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular