spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeক্ৰীড়াবিচ্ছেদ ! অনুষ্কাৰে বিৰাটৰ উখনা-উখনি, চৰ্চিত তাৰকা দম্পতী…

বিচ্ছেদ ! অনুষ্কাৰে বিৰাটৰ উখনা-উখনি, চৰ্চিত তাৰকা দম্পতী…

নতুন দিল্লীঃ সমাগত টি-২০ বিশ্বকাপ। বিশ্বকাপৰ পূৰ্বে নিজৰ মাজতে খৰিয়াল লাগি পুনৰ চৰ্চাত বিৰাট কোহলী। এটা সাধাৰণ কথাক কেন্দ্ৰ কৰি ভাৰতৰ তাৰকা দম্পতীৰ মাজত আৰম্ভ হয় কাজিয়াৰ। জানিবলৈ পোৱা মতে, কেমেৰা অন থকা অৱস্থাতে তেওঁলোকে এটা মোবাইল ফোনৰ বিজ্ঞাপনত স্ক্ৰীণখন ভাগ-বতৰা কৰিবলৈ একেলগে আহিছিল। দৃশ্যগ্ৰহণৰ সময়ত কোহলীয়ে অনুষ্কাৰ ফটো তুলিছিল। অনুষ্কাই আনন্দ মনেৰে প’জ দিয়াত ব্যস্ত আছিল।

ফটোশ্বুটৰ মাজতে অনুষ্কাই কয়, ‘এই ছবিখনত মোক ধুনীয়া লাগিছে নহয়নে?’ কিন্তু কোহলীয়ে তেওঁৰ পত্নীৰ সৌন্দৰ্যৰ প্ৰতি গুৰুত্ব নিদিলে। কোহলীয়ে তেওঁৰ ফটোগ্ৰাফীৰ দক্ষতাকহে কৃতিত্ব দিয়ে। কোহলীয়ে কয়, ‘কেমেৰামেন কোন সেইটোও চাব লাগিব নহয়!’ তাৰপাছতে খঙত অগ্নিশৰ্মা হৈ পৰে অনুষ্কা।স্বামীৰ উত্তৰত অনুষ্কাই কয়, ‘নহয়, মই ভাবো কেমেৰাটো খুব ভাল।’ প্ৰত্যুত্তৰত কোহলীয়ে প্ৰসংগ সলনি কৰে আৰু নিজৰ বিষয়ে ক’বলৈ আৰম্ভ কৰে। ‘ফটো তোলাৰ পাছত নিজৰ ছবিবোৰ চাবলৈ মই বৰ ভাল পাওঁ।’

কোহলীক মাজতে ৰখাই অনুষ্কাই ক’লে, ‘মই তুলি দিয়া বাবেহে ফটোবোৰ ধুনীয়া হয়।’ এনেদৰে দুয়োজন চেলিব্ৰেটিৰ কথাৰ কটা-কটি আগবাঢ়ি গৈ আছিল। ইফালে, তেওঁলোকে তোলা ছবিক লৈ কোহলী-অনুষ্কা আপোচবিহীন খৰিয়ালে সামাজিক মাধ্যম ব্যাপক চৰ্চা লাভ কৰিছে। দুই তাৰকা দম্পতীক সামাজিক মাধ্যমত উপহাসো কৰিছে একাংশই। এজন অনুৰাগীয়ে লিখিছে, ‘আপুনি ভুলতো তৰ্ক নকৰিব, অনুষ্কাই আপোনাৰ ধুনীয়া ফটো তোলে।’ আনহাতে, একাংশৰ মতে ফটো তোলাত অনুষ্কাতকৈ কোহলীহে বেছি সিদ্ধহস্ত। এনেদৰে তাৰকা দম্পতীৰ মাজত হোৱা মিহি যুঁজখনত স্বাভাৱিকতে ৰস পাইছে অনুৰাগীয়ে।

ইফালে অপেক্ষাৰ ক্ষণ গণিছে ক্ৰীড়ানুৰাগীয়ে। ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৱাৰ্ম আপ খেলত অৱতীৰ্ণ হোৱাৰ পাছত ২৪ অক্টোবৰত ভাৰতৰ অগ্নিপৰীক্ষা! আমিৰাত অনুষ্ঠিত হ’ব বিশ্বকাপৰ হাইভল্টেজ খেল। অভিষেক খেলত চিৰবৈৰী পাকিস্তানৰে যুঁজ দিব ভাৰতে। কোহলী ব্ৰিগেডে পাকিস্তানৰে মুখামুখী হোৱাৰ পূৰ্বেই পোহৰলৈ আহিছে বিবিধ বাৰ্তা। দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে উত্‍কন্ঠা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular