spot_img
18.6 C
Guwahati
18.6 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeৰাষ্ট্ৰীয়অপাৰেশ্যন 'হম ভি হ্যে': দিল্লী পুলিচৰ জাল, মহিলা এছআইৰ বীৰত্বত কৰায়ত্ত অপৰাধী

অপাৰেশ্যন ‘হম ভি হ্যে’: দিল্লী পুলিচৰ জাল, মহিলা এছআইৰ বীৰত্বত কৰায়ত্ত অপৰাধী

ডিজিটেল ডেস্কঃ দিল্লী পুলিচৰ এক শ্বাসৰূদ্ধকাৰী অভিযানত জালত পৰিছে এটা দুৰ্ধৰ্ষ চোৰ। এগৰাকী মহিলা এছআইৰ সাহসীকতা আৰু বীৰত্বৰ বাবে আৰক্ষীয়ে কৰায়ত্ত কৰে অপৰাধীজনক।

দ্বাৰকাৰ ডিচিপি শংকৰ চৌধাৰীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি বিগত কিছুদিনধৰি দ্বাৰকা আৰু ইয়াৰ ওচৰ-পাজৰৰ জিলাত এজন যুৱকে মহিলাৰ চেইন চুৰ কৰি তাণ্ডৱ চলাই আহিছিল। চোৰটোক কৰায়ত্ত কৰিবলৈ দিল্লী আৰক্ষীয়ে এগৰাকী মহিলা উপ পৰিদৰ্শকক লগত লৈ ‘হম ভি হ্যে’ নামেৰে এক অভিযান আৰম্ভ কৰে। ১৩ নৱেম্বৰত আৰক্ষীয়ে দ্বাৰকাৰ চেক্টৰ-১৩ লৈ চোৰজন অহাৰ খবৰ লাভ কৰে। ইয়াৰ পাছতে উপ পৰিদৰ্শক সৰোজ সিঙক এডাল সুদৃশ্য চেইন পিন্ধাই ৰাস্তাত ঘূৰা-ফুৰা কৰিবলৈ দিয়া হয় আৰু বাকী আৰক্ষীসকল ওচৰতে চোপ লৈ থাকে। ক্ষন্তেক পাছতেই অভিযুক্ত অৰমানে মহিলা এছআই গৰাকীৰ ডিঙিৰ চেইনডাল টানিবলৈ চেষ্টা চলায়। তৎপৰতাৰে মহিলা আৰক্ষীগৰাকীয়ে চোৰটোক ধৰিবলৈ চেষ্টা কৰে আৰু লগে লগে চোপ লৈ থকা অন্য আৰক্ষীসকলো ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘেৰি ধৰাত অৰমানে গুলীচালনা কৰে বুলিও আৰক্ষীয়ে জনায়। প্ৰত্যুত্তৰত সাহসী এছআই সৰোজ সিঙে নিজৰ পিষ্টল উলিয়াই অৰমানৰ ভৰিত গুলী কৰি কৰায়ত্ত কৰে।


উল্লেখ্য যে, ২২ বছৰীয়া অপৰাধী অৰমানৰ বিৰুদ্ধে দিল্লী আৰু গুৰুগ্ৰামত ৬০ তকৈও অধিক গোচৰ ৰুজু হৈ আছে। চোৰটোক কৰায়ত্ত কৰাৰ ফলত দ্বাৰকা জিলাৰ ৩৬ টাকৈ গোচৰ সমাধান হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular