spot_img
10 C
Guwahati
10 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকক’ভিড: গ্ৰন্থমেলাৰ সামৰণিৰ পাছৰ দিনটোতেই হটস্পট হিচাপে চিনাক্ত চানমাৰি

ক’ভিড: গ্ৰন্থমেলাৰ সামৰণিৰ পাছৰ দিনটোতেই হটস্পট হিচাপে চিনাক্ত চানমাৰি

ডিজিটেল ডেস্ক: ক’ভিডৰ তৃতীয় ঢৌৱে জোকাৰিছে দেশ৷ ক’ভিডত দৈনিক আক্ৰান্ত হৈছে সহস্ৰাধিক লোক৷ কেইবাখনো ৰাজ্যত জাৰি কৰা হৈছে নতুন ক’ভিডবিধি৷ নতুন দিল্লীত ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ বাবে জাৰি কৰা হৈছে ৰেডএলাৰ্ট৷ ক’ভিডৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত অসমতো জাৰি কৰা হৈছে সান্ধ্যআইন৷ শিক্ষাৰ্থীৰ শৈশৱ আৰু শৈক্ষিক জীৱনক অন্ধকাৰলৈ ঠেলি বন্ধ ঘোষণা কৰা হৈছে বিদ্যালয়৷ বিগত দুবছৰে নিয়মিতভাৱে সুশৃংখলিতৰূপত পাঠগ্ৰহণ কৰিব পৰা নাই শিক্ষাৰ্থীয়ে৷ অথচ, ৰাজনৈতিক সভা, গ্ৰন্থমেলা সকলো ঠিকেই চলি আছে৷ ক’ভিডৰ বাবেই নিষেধাজ্ঞা আৰোপ কৰা হৈছে অসমত৷ আনকি, জাতীয় উৎসৱ মাঘ বিহুপালনৰ ক্ষেত্ৰতো ধাৰ্য হৈছে নৈশ-সান্ধ্যআইন৷ তাৰ মাজতে আজি কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে সংবাদমেলযোগে ৰাজহুৱা কৰে ক’ভিডৰ কেতবোৰ নতুন তথ্য৷ জিলা প্ৰশাসনে হটস্পট হিচাপে চিনাক্ত কৰিছে গুৱাহাটীৰ কেইবাটাও অঞ্চল৷

বিগত ২৪ ঘণ্টাত অসমত ক’ভিডত আক্ৰান্ত হৈছে ৯৮৮ গৰাকী লোক৷ কেৱল গুৱাহাটী মহানগৰীতে আক্ৰান্ত হৈছে ৪৯০গৰাকী লোক৷ ইমানৰ পাছতো যেন ৰাজ্যত ক’ভিডক লৈ সজাগ-সচেতন নহয় মন্ত্ৰী, বিধায়ক তথা সাধাৰণ জনতা৷ কালিৰ দিনটোলৈ ধুমধামেৰে গুৱাহাটীত অনুষ্ঠিত হৈ গ’ল ‘অসম গ্ৰন্থমেলা’৷ গ্ৰন্থমেলাৰ নামত হাজাৰ হাজাৰ লোকৰ সমাগমেৰে বাৰদিন গিজগিজাই থাকিল চানমাৰি৷ চানমাৰিস্থ ‘অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান’ৰ খেলপথাৰত অনুষ্ঠিত ‘অসম গ্ৰন্থমেলা’ত দেখা পোৱা নগ’ল ন্যূনতম ক’ভিড সজাগতা৷ আয়োজক, ক্ৰেতা, বিক্ৰেতা কাৰো মুখতে দেখিবলৈ পোৱা নগ’ল মাস্ক৷ ছেনিটাইজাৰৰ ব্যৱস্থাও গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল আয়োজক সমিতিয়ে৷ আৰু আশ্চৰ্যজনকভাৱে গ্ৰন্থমেলাৰ সামৰণিৰ পাছৰ দিনটোতেই কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে চিনাক্ত কৰিলে গুৱাহাটীৰ ক’ভিড হটস্পট৷ চানমাৰিও চিনাক্ত হৈছে ক’ভিড হটস্পট হিচাপে৷

একেদৰে, ৰাজগড় আৰু বশিষ্ঠপুৰকো ক’ভিড হটস্পট হিচাপে চিনাক্ত কৰা হৈছে৷ ‘অসম গ্ৰন্থমেলা’ত মুখ্যমন্ত্ৰী যোৱাৰ দিনাও দেখা গৈছিল ব্যাপক জনসমাগম৷ ধোঁৱাচাঙত উঠিছিল ক’ভিডবিধি। অসম-গ্ৰন্থমেলালৈ যোৱা কেইবাগৰাকীও লোক ইতিমধ্যে ক’ভিডত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে৷ একেদৰে, কালিৰ দিনটোত দীঘলীপুখুৰী পাৰতো বিশাল আয়োজনেৰে অনুষ্ঠিত হৈ গ’ল ভোগালী মেলা৷ ভোগালী মেলাৰ নামতো গুৱাহাটীত ক’ভিড সংক্ৰমণৰ আশংকা কৰা হৈছে৷ সহস্ৰাধিক লোকৰ সমাগমেৰে ক’ভিড মেলাত ভূলুণ্ঠিত হ’ল ক’ভিডবিধি৷

এইসময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত মেলা, ভোগালী উৎসৱৰ নামত বিভিন্ন অনুষ্ঠান চলি থকাৰ বাতৰি আমালৈ আহিছে৷ ইপিনে, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কালি ক’ভিড পৰিস্থিতিলৈ চাই ৰাজ্যত পুনৰ লকডাউন হ’ব পাৰে বুলি ঘোষণা কৰিছে৷ আকৌ যদি লকডাউন হ’বলৈ হয়, তেন্তে পুনৰ মাধমাৰ পৰিব সাধাৰণ জনতাৰ ওপৰত৷ যোৱা লকডাউন আৰু দ্বিতীয় ঢৌত ক’ভিডে শাৰীৰিক আৰু মানসিকভাৱে বিপৰ্যস্ত কৰিছে বহুজনক৷ পুনৰ লকডাউন হ’বলৈ হ’লে ৰাজ্যৰ অৰ্থনীতি তথা জনজীৱনলৈ কেনে সংশয় আৰু শংকা নামি আহিব পাৰে, সেয়া কল্পনাৰো অতীত বুলি বহুতে অভিহিত কৰিছে৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular