spot_img
25 C
Guwahati
25 C
Guwahati
মঙলবাৰ, অক্টোবৰ 19, 2021
Homeক্ৰীড়ানৱমবাৰলৈ আই পি এল ৰ ফাইনেলত চেন্নাই চুপাৰ কিংছ

নৱমবাৰলৈ আই পি এল ৰ ফাইনেলত চেন্নাই চুপাৰ কিংছ

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ আইপিএলৰ হালধীয়া দলটোৱে পৰাস্ত কৰে দিল্লী কেপিটেলছক ৷নৱমবাৰলৈ আই পি এল সংস্কৰণৰ ফাইনেলত উপনীত চেন্নাই চুপাৰ কিংছ ৷ ইয়াৰ পিছতো কিন্তু দিল্লীৰ ফাইনেলত প্ৰৱেশ কৰাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে মাৰ যোৱা নাই ৷

“মাহী” নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছে ক্ৰমাগত নৱমবাৰৰ বাবে আই পি এল টী ২০ৰ ফাইনেলত প্ৰৱেশ কৰাৰ ৰেকৰ্ড গঢ়ে ৷ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰ মেচত দিল্লীয়ে ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৭২ ৰাণ ৷ খেলখনত দলটোৱে ২টা বল বাকী থকা অৱস্থাত ৬ টা উইকেট হেৰুৱাই এই লক্ষ্যত উপনীত হয় ৷

আনহাতে, দিল্লী কেপিটেলছে এই লীগৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হোৱা এলিমিনেটৰ মেচৰ বিজয়ীৰ সৈতে পুনৰবাৰ মুখামুখি হ’ব ৷ এই খেলত দলটো জয়ী হ’লে আকৌ এবাৰৰ বাবে মুখামুখি হ’ব লাগিব চেন্নাইৰ ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular