spot_img
27 C
Guwahati
27 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআঞ্চলিকপোহপাল দিব নোৱাৰি পিতৃয়ে বিক্ৰী কৰিলে দুই কন্যাক

পোহপাল দিব নোৱাৰি পিতৃয়ে বিক্ৰী কৰিলে দুই কন্যাক

বঙাইগাঁও : ধোঁৱা চাঙত পৰিণত হৈছে বেটি বচাও বেটী পঢ়াও আঁচনি৷ বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষী থানা আৰু বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত বালাৰচৰত দৰিদ্ৰতাৰ বাবে বিক্ৰী কৰিলে নিজ সন্তানক৷ নিজৰ সন্তানক পোহপাল দিব নোৱাৰি ২ কন্যা সন্তানত বিক্ৰী কৰিছে সন্তোস আৰ্য্য নামৰ এজন লোকে।

জানিব পৰা মতে সন্তোস আৰ্য্যৰ সুখৰ সংসাৰ আছিল যদিও লকডাউনৰ পিছত পৰিয়ালটোলৈ নামি আহিল ঘোৰ অমানিশা। নিজৰ পৰিয়ালক পোহপাল দিব নোৱাৰি ডেৰ বছৰীয়া আৰু এক মহীয়া সন্তানক বিক্ৰী কৰে বৰপেটাত। এক মহীয়া সন্তানক বৰপেটা ৰোডত ১০ দিন আগতে বিক্ৰী কৰিছিল আৰু ডেৰবছৰীয়া কন্যা সন্তানক বৰপেটাত পহৰি দি দিয়াৰ পাছতে সকলো কথা পোহৰলৈ আহে।

লকডাউনৰ পাছত সন্তোস আৰ্য্যই নানা ৰোগত আক্ৰান্ত হোৱাৰ পিছত পৰিয়ালক পোহপাল দিব নোৱাৰি, সন্তানৰ সুখৰ বাবে দি দিয়া বুলি মন্তব্য কৰে। এই ঘটনাৰ সন্দৰ্ভত বৰঘোলাৰ আৰক্ষীয়ে সন্তোস আৰ্য্যক নিশা কৰায়ত্ব কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular