spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআন্তঃৰাষ্ট্ৰীয়কেণ্টিনত গেছ নিৰ্গমন! বিস্ফোৰণত নিহত হ’ল কমেও ১৬জন

কেণ্টিনত গেছ নিৰ্গমন! বিস্ফোৰণত নিহত হ’ল কমেও ১৬জন

ডিজিটেল ডেস্ক : এক ভয়ংকৰ বিস্ফোৰণে কঁপালে চীনৰ চংকিং চহৰ৷ কেন্টিনত সংঘটিত হোৱা এক বিস্ফোৰণত নিহত হয় হয় কেইবাজনো লোক৷ ছিনহুয়া সংবাদ সংস্থাই জনোৱা অনুসৰি দক্ষিণ-পশ্চিম চীনৰ চংকিং চহৰত পৌৰ নিগমৰ কেণ্টিনত গেছ বিস্ফোৰণৰ ফলত কমেও ১৬জন লোকৰ মৃত্যু হয়।


শুকুৰবাৰে চহৰখনৰ ৱুলং জিলাত এই বিস্ফোৰণ সংঘটিত হয়৷ বিস্ফোৰণৰ ফলত কেফেটেৰিয়াখন খহি পৰে। এই ঘটনাত আন দহজন লোকো আহত হৈছে। চংকিং মহানগৰ চৰকাৰে দিয়া বিবৃতি অনুসৰি গেছ লিক হোৱাৰ বাবেই এই বিস্ফোৰণ সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। প্ৰথমতে ২০ জনৰো অধিক লোক ধ্বংসস্তূপত আৱদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছিল। অৱশ্যে, বিস্ফোৰণৰ সময়ত তাত থকা আনসকল লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে।


আনহাতে, এই বিস্ফোৰণত আহতসকলৰ এজন চিকিৎসালয়ত সংকটজনক অৱস্থা আছে। জৰুৰীকালীন ব্যৱস্থাপনা মন্ত্ৰালয়ে ঘটনাস্থলীলৈ ৬০০ ৰো অধিক লোকৰ এটা দল প্ৰেৰণ কৰে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular