চিৰাঙৰ ৰুণিখাতাত বৃহৎ পৰিমাণৰ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ

গুৱাহাটীঃ এক গোপন সূত্ৰৰ পোম খেদি আজি ৬-৩০ বজাত চিৰাং জিলা আৰক্ষীৰ অতিৰিক্ত অধিক্ষক HQ DSP HQ চিৰাং ৰুণিখাতা আৰক্ষীচকীৰ CI আৰু IC শান্তিপুৰ PP আৰু APRG সহযোগত চলোৱা অভিযানত ৰুণিখাতা আৰক্ষীচকীৰ অন্তৰ্গত দুটা পৃথক স্থানৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰু পঢ়িব পাৰিব : শিৱসাগৰত স্থাপন হ’ব আইকনিক চিটী মিউজিয়াম

অভিযানত ৰুণিখাতা আৰক্ষীচকীৰ অন্তৰ্গত ৰাণীপুৰৰ পৰা দুটা মেগজিনৰ সৈতে AK ছিৰিজৰ ৰাইফল এটা ,৫০ ৰাউণ্ড সঁজীৱ গুলী 7.62mm, এটা পেন পিষ্টল উদ্ধাৰ কৰাৰ লগতে ৰুণিখাতা আৰক্ষীচকীৰ অন্তৰ্গত আমলাইগুৰিৰ পৰা পুৱা ৯-৩০বজাত 9mm কাৰ্বাইনৰ লগতে এটা মেগজিন ৭টা পিষ্টল মেগজিনৰ সৈতে উদ্ধাৰ কৰাৰ লগতে ২টা চাইনিছ হেণ্ড গ্ৰেনেট, ২৫ জাই সঁজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Show More

Related Articles

Back to top button