spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeক্ৰীড়াবিশ্বকাপত বাংলাদেশৰ ছন্দপতন! জয়ৰ নায়ক এমাজনৰ ডেলিভাৰী বয় ক্ৰিছ

বিশ্বকাপত বাংলাদেশৰ ছন্দপতন! জয়ৰ নায়ক এমাজনৰ ডেলিভাৰী বয় ক্ৰিছ

নতুন দিল্লীঃ ‌টি-২০ বিশ্বকাপৰ আৰম্ভণিৰ দিনাই ঘটিল অঘটন! ক্ৰিছ গ্ৰেভছৰ চমকপ্ৰদ প্ৰদৰ্শনত তাচ পাতৰ দৰে খহি পৰিল বাংলাদেশ ! কিছুদিন পূৰ্বে নিউজিলেণ্ড, অষ্ট্ৰেলিয়াক বিদেশৰ ভূমিত ধৰাশায়ী কৰা বাংলাদেশে বিশ্বকাপৰ প্ৰথম খেলতেই স্কটলেণ্ডৰ বিৰূদ্ধে ৬ৰানৰ ব্যৱধানত পৰাস্ত হয়। বাংলাদেশৰ বিৰূদ্ধে জয়ৰ নায়ক হৈ জিলিকিল স্কটিছ অলৰাউণ্ডাৰ ক্ৰিছ গ্ৰেভছ। টুৰ্নামেণ্টখনত বেটে-বলে উজলি উঠে গ্ৰেভছ।

দিনটোৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপেও বাছনি কৰা হৈছে ক্ৰিছ গ্ৰেভছক। উল্লেখ্য যে, ৫৩ৰানত ৫টা উইকেট হেৰুৱাই শ’লঠেকত পৰা গ্ৰেভছে স্কটিছ দলৰ ত্ৰাণকৰ্তা হিচাপে আত্মপ্ৰকাশ কৰে। মোস্তফিজ-ছাকিবক তুলাধুনা দিয়া গ্ৰেভছে ২৮ টা বলত ৪৫ ৰান সংগ্ৰহ কৰে। মুখ্যতঃ গ্ৰেভছৰ প্ৰদৰ্শনৰ বাবেই স্কটলেণ্ডে ১৪০ ৰানৰ ঘৰ স্পৰ্শ কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত ক্ৰিছ গ্ৰেভছৰ চমকপ্ৰদ বলিং প্ৰদৰ্শনেও অনুৰাগীক ৰোমাঞ্চিত কৰি তোলে। ছাকিব-আল-হাছান আৰু মুশফিকৰ ৰহিমৰ উইকেট দখল কৰি দলটো জয়ী হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল স্কটিছ ক্ৰিকেটাৰ গ্ৰেভছে।

বিশ্বকাপৰ প্ৰথম দিনাই দৃষ্টিনন্দন প্ৰদৰ্শনেৰে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ক্ৰিছ গ্ৰেভছ। বাংলাদেশৰ বিৰূদ্ধে খেলখনত জয়লাভৰ পাছত স্কটলেণ্ডৰ অধিনায়কে শ’লাগ লয় ক্ৰিছ গ্ৰেভছৰ। তেওঁ কয়, ‘গ্ৰেভছৰ বাবে এইটো এটা ভাল দিন। কিন্তু মই তেওঁৰ প্ৰদৰ্শনত আচৰিত হোৱা নাই। মই ব্যক্তিগতভাৱে গ্ৰেভছৰ বাবে গৌৰৱান্বিত। জীৱনত বহু বেয়া দিনো অতিবাহিত কৰি আহিছে তেওঁ। কেইদিনমান আগলৈকে, তেওঁ আমাজনৰ ডেলিভাৰী বয় হিচাপেও কাম কৰিছিল। আৰু এতিয়া বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে মেন অৱ দ্য মেচৰ কৃতিত্ব অৰ্জন কৰিছে।’ স্কটলেণ্ডে নিৰ্ধাৰিত অ’ভাৰত ৯টা উইকেট হেৰুৱাই ১৪০ ৰান সংগ্ৰহ কৰে।আনহাতে নিৰ্ণায়ক লক্ষ্যৰ চোঁচা লোৱা বাংলাদেশে ৭টা উইকেট হেৰুৱাই মাত্ৰ ১৩৪ৰানহে কৰিবলৈ সক্ষম হয়। স্বাভাৱিকতে স্কটলেণ্ডৰ এই জয়ে দলটোক আত্মবিশ্বাসী কৰি তুলিব।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular