লকডাউনত বৃহৎ লোকচান! ছবিগৃহত প্ৰতিমাহে এক হাজাৰ কোটিৰ ঘাটি

মুম্বাই : মহামাৰী কৰ’নাৰ বাবে দেশৰ বহু ব্যৱসায়িক ক্ষেত্ৰত যথেষ্ট লোকচানৰ সন্মুখীন হৈছে৷ লকডাউনৰ ফলত ক্ষতিৰ সন্মুখীন হৈছে দেশৰ চলচ্চিত্র উদ্যোগো৷

আৰু পঢ়িব পাৰিব: বিশেষভাৱে সক্ষম যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ ২ নৰপিশাচৰ

দেশত আৰম্ভ হোৱা প্ৰথম লকডাউনৰ সময়ৰ পৰাই বন্ধ হৈ আছে ছবিগৃহসমূহ৷ বিগত ২৫ মার্চৰ পৰা বন্ধ হৈ থকা ছবিগৃহসমূহে প্রতিমাহে এক হাজাৰ কোটি টকাকৈ লোকচানৰ সন্মুখীন হৈছে বুলি জানিব পৰা গৈছে৷ মাল্টিপ্লেক্স এছ’চিয়েচন অব ইণ্ডিয়াৰ সৈতে জড়িত চলচ্চিত্র উদ্যোগৰ আইনক্স, পি ভি আৰ পিকচাৰ্ছ আৰু ছিনপ’লিছ ইণ্ডিয়াৰ চিত্রগৃহসমূহ বন্ধ হৈ থকাত এক হাজাৰ কোটি টকা প্রতিমাহে লোকচানৰ সন্মুখীন হৈছে৷

ইয়াৰ উপৰি এই ছবিগৃহৰ সৈতে জড়িত কর্মচাৰীসকলৰ জীৱনলৈ ভাবুকী আহি পৰিছে৷ মাল্টিপ্লেক্স এছ’চিয়েচন অব ইণ্ডিয়াই কেন্দ্রীয় চৰকাৰক জনোৱা মতে আনলক–৩ত এছ অ’ পি নির্ধাৰণ কৰি ছবিগৃহসমূহ খুলিবলৈ অনুমতি দিব লাগে৷ নহ’লে এই ছবিগৃহসমূহ পৰৱর্তী সময়ত পুনৰ মুকলি কৰিবলৈ কঠোৰ প্রত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব৷

আৰু পঢ়িব পাৰিব: ত্ৰিশবাৰকৈ আবেদন কৰিও লোক-সংস্কৃতিৰ ওজাই নাপালে শিল্পী-পেঞ্চন

উল্লেখ্য যে পি ভি আৰ পিকচাৰ্ছৰ দেশজুৰি ৭১খন চহৰত ১৭৬ ছবিগৃহত ৮৪১ স্ক্রীন আছে৷ তেনেদৰে আইনক্সৰ ৪৮খন চহৰত ১৪৭টা ছবিগৃহত ৬২৬খন স্ক্রীন, ছিনপ’লিছৰ ৩১৯ স্ক্রীন আছে৷ তথ্যমতে প্রতি বছৰে এই ছবিগৃহসমূহে ১২০ বিলিয়ন তথা ১২ হাজাৰ কোটি টকা উপার্জন কৰি আছিল৷ ইতিমধ্যে চাৰি মাহত ছবিগৃহসমূহে ৪ হাজাৰ কোটি টকা লোকচানৰ সন্মুখীন হৈছে৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES