spot_img
26 C
Guwahati
Thursday, September 16, 2021
spot_img
Homeব্ৰেকিং নিউজ২০ মাহৰ পাছতো প্ৰস্তুত নহ’ল ‘কা’ৰ নিয়ম! পুনৰ ৬মাহৰ সময় বিচাৰিছে গৃহ-মন্ত্ৰণালয়ে

২০ মাহৰ পাছতো প্ৰস্তুত নহ’ল ‘কা’ৰ নিয়ম! পুনৰ ৬মাহৰ সময় বিচাৰিছে গৃহ-মন্ত্ৰণালয়ে

নতুন দিল্লী: কেন্দ্ৰীয় চৰকাৰে অনা নাগৰিকত্ব সংশোধনী আইন (CAA)-ৰ নিয়মসমূহ এতিয়াও প্ৰস্তুত কৰা হোৱা নাই। কেন্দ্ৰীয় গৃহ-মন্ত্ৰণালয়ে মঙলবাৰে সংসদক এই বিষয়ে অৱগত কৰিছে। নাগৰিকত্ব সংশোধনী আইনৰ নিয়ম প্ৰস্তুতৰ বাবে সংসদৰ পৰা ৬ মাহৰ অতিৰিক্ত সময় বিচাৰিছে কেন্দ্ৰীয় গৃহ-মন্ত্ৰণালয়ে। কেন্দ্ৰীয় গৃহ-মন্ত্ৰণালয়ে ৯ জানুৱাৰী,২০২২ লৈ এই সময়সীমা বিচাৰিছে। কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ নিয়ম প্ৰস্তুতৰ জাননী সন্দৰ্ভত লোকসভাত প্ৰশ্ন উত্থাপন কৰিছিল সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে সদৰী কৰে যে, ‘কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ নিয়ম প্ৰস্তুত কৰিছেনে নাই? জাননী জাৰীৰ বাবে অন্তিম দিন নিৰ্ধাৰণ কৰা হৈছে নেকি? যদি কৰিছে তেতিয়া হ’লে নিয়মবোৰ কি? যদি প্ৰস্তুত কৰা নাই তেনেহ’লে ইয়াৰ কাৰণ কি?’ সাংসদগৰাকীৰ প্ৰশ্নৰ প্ৰত্যুত্তৰত গৃহ-মন্ত্ৰণালয়ে কয় যে, নাগৰিকত্ব সংশোধনী আইনক ১২-১২-২০১৯ তাৰিখে জাননী প্ৰেৰণ কৰা হৈছিল। ২০২০ চনত, ই আইনৰ ৰূপ পাইছিল। কিন্তু লোকসভা আৰু ৰাজ্যসভা কমিটীয়ে আইনখনৰ নিয়ম প্ৰস্তুত কৰিবলৈ জানুৱাৰী, ২০২২লৈকে সময় বিচাৰিছে।


উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনত উত্থাপন কৰিছিল। এই আইনৰ অধীনত পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ হিন্দু, শিখ, জৈন, খ্ৰীষ্টান, বৌদ্ধ আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলক ভাৰতত নাগৰিকত্ব প্ৰদান কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা এই আইনখনক লৈ তীব্ৰ প্ৰতিবাদৰ সূত্ৰপাত হৈছিল সমগ্ৰ ভাৰতবৰ্ষত। বিৰোধী দলেও এই আইনখনৰ প্ৰবল বিৰোধিতা কৰিছিল। অৱশ্যে, নাগৰিকত্ব সংশোধনী বিধেয়কখনে দেশত আইনৰ ৰূপ লোৱাৰ পাছতে মাৰণ ভাইৰাছ কৰ’নাৰ প্ৰৱেশ ঘটিছিল, সেয়েহে চৰকাৰে আইনখন প্ৰণয়ন কৰিবলৈ শেহতীয়াকৈ দীঘলীয়া সময় বিচাৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
broken clouds
26 ° C
26 °
26 °
89 %
0kmh
75 %
Thu
25 °
Fri
30 °
Sat
31 °
Sun
31 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular