spot_img
18 C
Guwahati
18 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআঞ্চলিকশিৱসাগৰত দুই ফৈদৰ মাজত সংঘৰ্ষ, আহত কোন কোন?

শিৱসাগৰত দুই ফৈদৰ মাজত সংঘৰ্ষ, আহত কোন কোন?

ডিজিটেল ডেস্কঃ শিৱসাগৰৰ দিচাংমুখত নিশা দুই ফৈদৰ মাজত ভয়াৱহ সংঘৰ্ষৰ সৃষ্টি হয়। দিচাংমুখ জোলাটুপ তিনিআলিত এই সংঘৰ্ষ। গাঁওৰক্ষী বাহিনীৰ সম্পাদকসহ আহত হৈছে ১২জন লোক। ৮জন লোকক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। সাধাৰণ বাক-বিতণ্ডাৰ ফলশ্ৰুতিতে এই সংঘৰ্ষৰ সৃষ্টি হয়। লেপাই দীঘল দৰিয়লি আৰু জোলাটুপ গাঁৱৰ দুই ফৈদৰ মাজত হয় এই সংঘৰ্ষ।

জানিব পৰা মতে লেপাই দীঘল দৰিয়লি গাঁৱৰ জগত মিলি নামৰ আৰু জোলাটুপ গাঁৱৰ মনদ্বীপ চেতিয়াৰ বাক-বিতণ্ডাই ৰূপ লয় দুই চূড়ান্ত পৰ্যায়ৰ। দুই ফৈদৰ সংষৰ্ষত দীঘল দৰিয়লি গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰুবুল চেতিয়াসহ আহত ১২ জনকৈ লোক। চিকিৎসালয়লৈ প্ৰেৰণ কৰা আঘাতপ্ৰাপ্তসকল হৈছে চুনু মিলি, হেম দ’লে, মৃগেন চেতিয়া, মৌচম চেতিয়া ,যদু মিলি ,জগত মিলি আৰু মাধৱ চেতিয়া। ইয়াৰে চুনু মিলি , হেম দলে আৰু ৰুবুল চেতিয়া গুৰুতৰভাৱে আহত হৈছে। উল্লেখ্য যে, দিচাংমুখ অঞ্চলত পূৰ্বেও এনে সংঘৰ্ষ বহুবাৰ সংঘটিত হৈছে।

শেহতীয়াকৈ ১৪ এপ্ৰিলত লেপাই আৰু চুমনি গাঁৱৰ দুই ফৈদৰ সংঘৰ্ষত প্ৰেমদা শইকীয়া নামৰ এগৰাকী মহিলাৰ ৰাজহাড় ভাঙি যোৱাৰ ঘটনাও সংঘটিত হৈছিল। দিচাংমুখত হোৱা অবৈধ সুৰাৰ ৰমৰমীয়া বেহাৰ বাবেই প্ৰথমে সাধাৰণ কাজিয়া আৰু পাছত এনে গোষ্ঠীগত সংঘাত বৃদ্ধি পাই আহিছে। শিৱসাগৰ আৰক্ষী থানাৰ বিষয়া যুগল কিশোৰ কলিতা উপস্থিত হৈ আজি নিশা সংঘটিত ঘটনা নিয়ন্ত্ৰণ কৰে যদিও অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular