spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকবিধায়কৰ হেঁচাত মুকলি হৈছিল দালাল, কাৰ নেতৃত্বত পুনৰ হ’ল গ্ৰেপ্তাৰ?

বিধায়কৰ হেঁচাত মুকলি হৈছিল দালাল, কাৰ নেতৃত্বত পুনৰ হ’ল গ্ৰেপ্তাৰ?

হাইলাকান্দিঃ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে সমগ্ৰ ৰাজ্যৰ লগতে হাইলাকান্দি জিলাতো তীব্ৰতৰ হৈছে দালালবিৰোধী অভিযান। হাইলাকান্দি আৰক্ষীয়ে সোমবাৰ নিশা জিলাৰ আলগাপুৰ, লালা, কাটলিছেড়াসহ জিলা সদৰৰ বিভিন্ন স্থানত অভিযান চলাই মাটিৰ দালালিত জড়িত থকাৰ অভিযোগত ১২জনকৈ লোকক আটক কৰিছিল। লগতে কালি নিশা আৰু চাৰিজন দালালক গ্ৰেপ্তাৰ কৰিছে হাইলাকান্দি আৰক্ষীয়ে। ইয়াৰ ভিতৰত আলগাপুৰ থানা এলেকাৰ পৰা আটক কৰা হৈছিল ৪জন ব্যক্তিক। আটকাধীন দালালকেইজনৰ ভিতৰত আছিল ছৰফউদ্দিন বৰভূঞা নামৰ এগৰাকী পঞ্চায়ত প্ৰতিনিধিও।

সোমবাৰে নিশা দালালকেইজনক থানাত আটক কৰি ৰখাক কেন্দ্ৰ কৰি পুৱাৰেপৰা আলগাপুৰ এলেকাত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। মাটিৰ দালালৰ পৰিৱৰ্তে নিৰ্দোষী ব্যক্তিক আৰক্ষীয়ে আটক কৰাৰ অভিযোগ উত্থাপন কৰি একাংশ স্থানীয় ৰাইজে ঘেৰাও কৰে আলগাপুৰ আৰক্ষীচকী। প্ৰতিবাদকাৰীৰ প্ৰতিবাদত সমৰ্থন জনাই আগবাঢ়ি আহিছিল আলগাপুৰ সমষ্টিৰ বিধায়ক নিজামউদ্দিন চৌধুৰীও। তেওঁ থানাত আহি কৰ্তব্যৰত আৰক্ষী বিষয়াসকলক আটকাধীন ব্যক্তিকসকলক মুক্তি কৰি দিয়াৰ বাবে তীব্ৰ হেঁচা প্ৰয়োগ কৰে। অৱশেষত আলগাপুৰ আৰক্ষীয়ে

বিধায়কৰ হেঁচাত ছৰফউদ্দিন বৰভূঞা আৰু আনোয়াৰ উদ্দিন লস্কৰ নামৰ দুই ব্যক্তিক মুক্ত কৰি দিয়ে আৰক্ষীয়ে। মুক্ত কৰা দুই দালালক কালি নিশা পুনৰ আৰক্ষীয়ে আটক কৰে। হাইলাকান্দি আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ৰ নেতৃত্বত কালি সন্ধিয়াৰ পৰা মুক্ত কৰি দিয়া এই দুই দালালক গ্ৰেপ্তাৰ কৰাৰ বাবে প্ৰায় তিন ঘণ্টাজোৰা এক অভিযানত দুই দালাল ক্ৰমে আনোৱাৰ উদ্দিন লস্কৰ আৰু ছৰফ উদ্দিন বৰভূঞাক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পাছত দুয়োজন দালালক হাইলাকান্দি সদৰ আৰক্ষী চকীত লৈ আহে। বৰ্তমানেও আৰক্ষীয়ে দালালৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular