spot_img
27 C
Guwahati
Friday, September 24, 2021
spot_img
Homeআঞ্চলিকচহী জালিয়াতিৰ মাষ্টাৰমাইণ্ড ইমৰাণক বিমানযোগে অসমলৈ! ক’ত আত্মগোপন কৰিছিল?

চহী জালিয়াতিৰ মাষ্টাৰমাইণ্ড ইমৰাণক বিমানযোগে অসমলৈ! ক’ত আত্মগোপন কৰিছিল?

গুৱাহাটীঃ কিছুদিনৰ পূৰ্বে ‘লোহিত কনষ্ট্ৰাকশ্যন’-এ জনস্বাস্থ্য কাৰিকৰী বিভাগত মুখ্যমন্ত্ৰীৰ ভুৱা স্বাক্ষৰ সম্বলিত এখন ৱৰ্ক অৰ্ডাৰত দাখিল কৰিছিল৷ ৱৰ্ক অৰ্ডাৰখনত মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ সন্দেহজনক হোৱাৰ বাবে লগে লগে বিভাগৰ ফালৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অৱগত কৰাত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দিছপুৰত দাখিল কৰে এক এজাহাৰ৷

Image credit : Prag News

এডিচিপি বিবেকানন্দ দাসৰ নেতৃত্বত তদন্ত চলাবলৈ গৈ প্ৰথমে দিছপুৰ আৰক্ষীয়ে লোহিত কনষ্ট্ৰাকশ্যনৰ সৈতে জড়িত ৪জন ঠিকাদাৰ ক্ৰমে বিনীত পোড্ডাৰ, দীপজ্যোতি দত্ত, জয়মিনি মোহন আৰু পংকজ গগৈক আটক কৰিছিল৷ চাৰিওগৰাকী ঠিকাদাৰক সোধা–পোছা কৰাত ওলাই পৰিছিল কেনেদৰে ইমৰাণ শ্বাহ চৌধুৰী নামৰ ব্যক্তি এজনে মুখ্যমন্ত্ৰীৰ ভুৱা স্বাক্ষৰ কৰি বনাই দিছিল ৱৰ্ক অৰ্ডাৰ৷ ইয়াৰ পাছৰে পৰাই দিল্লীত গৈ আত্মগোপন কৰি আছিল ইমৰাণ শ্বাহ চৌধুৰীয়ে৷

দিল্লীত ইমৰাণৰ আন এজন সহযোগী ৰাজীৱ কলিতা দিল্লীৰ পৰা গুৱাহাটী অহাৰ সময়ত বৰঝাৰ আৰক্ষীয়ে বিমানবন্দৰতে গ্ৰেপ্তাৰ কৰে। ইয়াৰ পাছতে আৰক্ষী বিষয়া বিবেকানন্দ দাসৰ নেতৃত্বত দিছ্পুৰ আৰক্ষীৰ এটা দলে দিল্লীলৈ গৈ ইমৰাণক আটক কৰে। সোমবাৰে সন্ধিয়া দিল্লীৰ পৰা বিমানযোগে গুৱাহাটীলৈ লৈ অনা হয় মুখ্যমন্ত্ৰীৰ ভুৱা স্বাক্ষৰৰ অভিযোগত অভিযুক্ত ইমৰাণ শ্বাহ চৌধুৰীক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
broken clouds
27 ° C
27 °
27 °
89 %
0kmh
75 %
Fri
33 °
Sat
33 °
Sun
33 °
Mon
32 °
Tue
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular