spot_img
29 C
Guwahati
29 C
Guwahati
বুধবাৰ, অক্টোবৰ 20, 2021
Homeআঞ্চলিকশোণিতপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ত চিএম ভিজিলেন্সৰ অভিযান: কোনে উঠাইছিল বৰেণ্যৰ বিৰুদ্ধে অভিযোগ?

শোণিতপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ত চিএম ভিজিলেন্সৰ অভিযান: কোনে উঠাইছিল বৰেণ্যৰ বিৰুদ্ধে অভিযোগ?

ডিজিটেল ডেস্ক : ৰাজ্যত কঠোৰ হৈছে মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখা৷ বৃহস্পতিবাৰে শোণিতপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত দুঘণ্টা ধৰি মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলে। চিএম ভিজিলেন্সৰ জালত পৰা ঠেলামৰা ৰাজহচক্ৰৰ চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰৰৰ তদন্ত সন্দৰ্ভত চলে এই অভিযান৷ এই অভিযানত ভাৰপ্ৰাপ্ত উপায়ুক্ত তথা ৰাজহ বিভাগৰ দায়িত্বত থকা ৰমী বৰুৱাৰ কক্ষত ৰাজহ বিভাগৰ কেইবাজনকো সোধা-পোছা কৰি বহুকেইটা গুৰুত্বপূৰ্ণ ফাইল জব্দ কৰে।

বৰঠাকুৰৰ দুৰ্নীতিৰ সমভাগী হোৱাৰ অভিযোগ উত্থাপিত হোৱা ৰাজহ বিভাগৰ এগৰাকী বিষয়াৰ সন্দৰ্ভতো তদন্ত চলোৱা দলটোৱে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পাছত ঠেলামৰা ৰাজহচক্ৰৰ বিষয়াৰ কাৰ্যালয়তো অভিযান চলায়।

জানিব পৰা মতে, গ্ৰেপ্তাৰৰ পূৰ্বে অৰ্থাৎ ২৪ ছেপ্টেম্বৰতে বৰেণ্য বৰঠাকুৰৰ বিৰুদ্ধে মাটিৰ দালালিৰে অগাধ সম্পত্তি গঢ়াৰ অভিযোগ তুলিছিল এগৰাকী লোকে৷ ঠেলামৰা ধ্ৰুৱ বৰুৱা নামৰ এগৰাকী লোকে এই সন্দৰ্ভত জিলা উপায়ুক্তক হোৱাটছএপযোগে অভিযোগ দিছিল বুলি জানিবলৈ পোৱা গৈছিল। উল্লেখ্য যে, এইগৰাকী ধ্ৰুৱ বৰুৱাৰ অভিযোগৰ ভিত্তিতে বৰেণ্য ৰঞ্জন বৰঠাকুৰক চিএম ভিজিলেন্সৰ জালত পৰিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular