spot_img
17 C
Guwahati
17 C
Guwahati
বৃহস্পতিবাৰ, জানুৱাৰী 27, 2022
Homeআঞ্চলিকপঞ্জাব বিতৰ্কক লৈ মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ মন্তব্য

পঞ্জাব বিতৰ্কক লৈ মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ মন্তব্য

ডিজিটেল ডেস্কঃ বিগত ৫ জানুৱাৰীত পঞ্জাবত প্ৰতিবাদী কৃষকে প্ৰধানমন্ত্ৰী মোদীৰ কনভয় অৱৰোধ কৰা বিতর্কৰ এতিয়াও যেন অন্ত পৰা নাই সমগ্র দেশতে। ঠায়ে ঠায়ে কংগ্রেছ-বিজেপিৰ সমুখ-সমৰত সাব্যস্ত হৈছে নানা প্ৰতিবাদ। বিষয়টিয়ে উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰপতিৰ দ্বাৰস্থ হোৱাৰ পাছতো সন্তুষ্ট হোৱা নাই বিজেপি। অবিৰত আছে নানা বাক-যুদ্ধ, ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ।

শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিষয়টো সন্দৰ্ভত উগ্ৰতাৰা মন্দিৰত প্ৰধানমন্ত্ৰীগৰাকীৰ আশু-আৰোগ্য কামনা কৰি পূজা-অৰ্চনাও কৰে। লগতে মুখ্যমন্ত্রী শৰ্মাই কয় যে কংগ্রেছে কেৱল ৰাজনীতিহে কৰে কিন্তু উন্নয়ন নিবিচাৰে। অসমত ৰাহুল গান্ধী, ছোনীয়া গান্ধী বা কংগ্রেছ হাইকমাণ্ডৰ আন কোনোবাই আহিলে তেওঁলোকৰ নিৰাপত্তাৰ নামত মই টিট ফৰ টেট আচৰণ নকৰো। বিজেপিৰ নীতি-আদৰ্শই কংগ্রেছৰ নিচিনাকৈ আচৰণ কৰা নিশিকায়।

কংগ্রেছে বিজেপিৰ বিৰুদ্ধে যিমানেই নিকৃষ্ট ৰাজনীতি নকৰক কিয় আমি দেশবাসীৰ উন্নয়নৰ হকে কাম কৰি যাম বুলি মন্তব্য কৰে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। পঞ্জাব চৰকাৰক কটাক্ষ কৰি মুখ্যমন্ত্রী শৰ্মাই সমালোচনা কৰে যে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্রত ত্ৰুটী থকা বিষয়টো গুৰুতৰ আৰু কংগ্রেছ হাইকমাণ্ডে পঞ্জাবৰ মুখ্যমন্ত্রীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাকৈ প্ৰচাৰ চলাই থকা বিষয়টো নিন্দনীয়।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular