spot_img
27 C
Guwahati
Monday, September 20, 2021
spot_img
Homeৰাজনৈতিকসীমা সমস্যা সন্দৰ্ভত সদনত মুখ্যমন্ত্ৰীৰ বিবৃতি প্ৰকাশ

সীমা সমস্যা সন্দৰ্ভত সদনত মুখ্যমন্ত্ৰীৰ বিবৃতি প্ৰকাশ

গুৱাহাটী: সীমা সমস্যা সন্দৰ্ভত সদনত শুকুৰবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক বিবৃতি প্ৰকাশ কৰে৷ অৰুণাচল আৰু নাগালেণ্ড সন্দৰ্ভত বৰ্তমানেও গোচৰ চলি আছে বুলি অভিহিত কৰে তেওঁ৷ মিজোৰামে সীমান্তৰ বনভূমি নিজৰ বুলি দাবী কৰিছিল৷ অসমৰ সীমান্তত আক্ৰমণ চলাইছিল মিজোৰামে বুলি তথ্য সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ লগতে তেওঁ কয়, ‘আমি ২০০ হেক্টৰ ভূমি পুনৰ দখললৈ আনিছিলো’৷

মিজোৰামে অসমৰ সীমাত ক’ভিড চেণ্টাৰ পাতিছিল৷ অসমৰ মাটিত জুম খেতি কৰাৰ পক্ষত আছিল মিজোৰাম৷ পাহাৰৰ শিখৰৰ পৰা অসম আৰক্ষীলৈ গুলীয়াইছিল বুলিও অভিযোগ কৰি হিমন্তই উল্লেখ কৰে যে, বিগত দুমাহত অসমৰ মাটি দখল কৰিব পৰা নাই মিজোৰামে৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অসমে চুবুৰীয়া ৰাজ্যৰ লগত সংঘাত নিবিচাৰে৷ শান্তি-সমৃদ্ধি বজাই ৰখাটো আমাৰ কাম্য বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Mon
32 °
Tue
31 °
Wed
30 °
Thu
31 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular