spot_img
32 C
Guwahati
Monday, September 27, 2021
spot_img
Homeআঞ্চলিক'নামভৰ্তিৰ ক্ষেত্ৰত বৰ্ণবাদ গ্ৰহণযোগ্য নহয়, শিক্ষাত জাত-পাত নাই' : শিক্ষামন্ত্ৰী

‘নামভৰ্তিৰ ক্ষেত্ৰত বৰ্ণবাদ গ্ৰহণযোগ্য নহয়, শিক্ষাত জাত-পাত নাই’ : শিক্ষামন্ত্ৰী

গুৱাহাটী : স্নাতক পৰ্যায়ৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ নামত বহু আগশাৰীৰ মহাবিদ্যালয়ে বৰ্ণবৈষম্যক প্ৰশ্ৰয় দিয়াক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নামভৰ্তিৰ ক্ষেত্ৰত বৰ্ণবাদৰ আশ্ৰয় লৈছে ৰাজ্যৰ ১১খন মহাবিদ্যালয়ে৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কাৰ্য গৰিহণাৰ যোগায়৷ এই সিদ্ধান্ত চৰকাৰৰ নহয় বুলি জানিবলৈ দিয়ে৷

ইতিমধ্যে এনে সিদ্ধান্ত বাতিলৰ নিৰ্দেশ দিয়া হৈছে৷ শিক্ষাত জাত-পাত নাই বুলিও লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে কয়৷

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আজি এশ দিন সম্পূৰ্ণ কৰে৷ এশ দিনীয়া পূৰ্তি উপলক্ষে শিক্ষা বিভাগত নিযুক্তি প্ৰদান কৰিব৷ ৭৬৭ জনক শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰত আজি নিযুক্তি প্ৰদান কৰিব শিক্ষা বিভাগে৷

১১খন মহাবিদ্যালয়ে নামভৰ্তিত বৰ্ণবাদৰ আশ্ৰয় লৈছিল সেই মহাবিদ্যালয়সমূহক বৰ্ণবাদৰ আশ্ৰয় নল’বলৈ নিৰ্দেশ প্ৰদান কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে৷ এক লাখ চাকৰি নিযুক্তি দিয়াৰ এয়া প্ৰথমটো খোজ বুলিও কয়৷ মাদ্ৰাছা টেট পাছ কৰাসকলে কোনো কাৰণতে চাকৰি নাপাই৷ কেৱল সাধাৰণ টেট উত্তীৰ্ণ হ’লে এই চাকৰি পাব বুলি মতপ্ৰকাশ কৰে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
32 ° C
32.4 °
32 °
66 %
2.1kmh
40 %
Mon
34 °
Tue
32 °
Wed
27 °
Thu
31 °
Fri
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular