Google search engine
28 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeআঞ্চলিককংগ্ৰেছ ত্যাগৰ দিশে জ্যেষ্ঠ নেতা শৰৎ বৰকটকী : প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ সম্ভাৱনা

কংগ্ৰেছ ত্যাগৰ দিশে জ্যেষ্ঠ নেতা শৰৎ বৰকটকী : প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ সম্ভাৱনা

গুৱাহাটী : কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ আগতেই আৰম্ভ হৈছে বিদ্ৰোহ৷ মহানগৰীৰ ‘তাজ ভিভান্তা’ৰ সন্মুখত বিভিন্ন সমষ্টিৰ পৰা অহা কংগ্ৰেছী কৰ্মীয়ে প্ৰাৰ্থিত্বক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ আজি কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷

আৰু পঢ়িব পাৰিব : শুকুৰবাৰে ক’ভিডত মৃত্যু হয় ১০৮জনৰ : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য !

কংগ্ৰেছৰ সিদ্ধান্তক লৈ ক্ষুব্ধ জ্যেষ্ঠ নেতা শৰৎ বৰকটকীও। পুত্ৰ অনুজৰ বাবে কংগ্ৰেছ ত্যাগৰ দিশে আগবাঢ়িছে বৰকটকী৷ ‘তাজ ভিভান্তা’ত মুকলি মন্তব্য শৰৎ বৰকটকীৰ ‘৮বাৰ মন্ত্ৰী আছিলো, এতিয়া পুত্ৰৰ বাবে প্ৰাৰ্থিত্ব বিচাৰিছো৷ তৰুণ গগৈ থকা হ’লে ন্যায় নিশ্চয় পালোহেঁতেন৷’

আজি সংবাদমেলত আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা আছে৷ ‘তাজ ভিভান্তা’ৰ পৰা কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ সৈতে ভিডিঅ’ কনফাৰেন্স হোৱাৰ পাছতহে ঘোষিত হ’ব প্ৰাৰ্থীৰ তালিকা৷ বঢ়মপুৰ, কমলপুৰ সমষ্টিক লৈ কংগ্ৰেছত নতুন সমীকৰণ আৰম্ভ হৈছে৷

আৰু পঢ়িব পাৰিব : অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহসহ লক্ষাধিক টকাৰ সা-সম্পত্তি

ইপিনে এআইইউডিএফৰ মুখ্য বদৰুদ্দিন আজমলৰ হাতত বৰাকৰ কেইবাটাও ছীট কংগ্ৰেছে বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ আলগাপুৰ, সোণাই, বদৰপুৰ ছীট বদৰুদ্দিনৰ হাতত বিক্ৰী কৰিছে বুলি কংগ্ৰেছ কৰ্মীৰ অভিযোগ৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Fri
28 °
Sat
27 °
Sun
30 °
Mon
32 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular