spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeআঞ্চলিকপ্ৰৱল বৰষুণ নেওচি কংগ্ৰেছৰ সভাত ইমান মানুহ! ভৱানীপুৰত সলনি হ’ব নেকি নিৰ্বাচনী...

প্ৰৱল বৰষুণ নেওচি কংগ্ৰেছৰ সভাত ইমান মানুহ! ভৱানীপুৰত সলনি হ’ব নেকি নিৰ্বাচনী সমীকৰণ?

ডিজিটেল ডেস্কঃ ক্ৰমাৎ গৰম হৈ পৰিছে অসমৰ ৰাজনৈতিক বতাহ। উপ-নিৰ্বাচন চমু চাপি অহাৰ লগে লগে টঙালি বান্ধিছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহে। শাসকীয় দলক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে ‘অসম প্ৰদেশ কংগ্ৰেছ কমিটী’।

ইতিমধ্যে ৰাজ্যজুৰি আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ। অসমৰ ৰাজনীতিৰ ‘ৰজা’স্বৰূপ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী ৰণডংকা বজোৱাৰ লগে লগেই যেন সম্পূৰ্ণ সক্ৰিয় হৈ উঠিছে বিৰোধী দল কংগ্ৰেছ। মঙলবাৰে সৰভোগ সমষ্টিৰ ভৱানীপুৰত ‘অসম প্ৰদেশ কংগ্ৰেছ কমিটী’-এ অনুষ্ঠিত কৰে এক ৰাজনৈতিক সভা। নেৰানেপেৰা বৰষুনকো নেওচি ভৱানীপুৰ সমষ্টিৰ চমুৱাগাতি অঞ্চলত ভাৰতীয় জাতীয় কংগ্রেছ দলৰ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসৰ নিৰ্বাচনী প্ৰচাৰ সভাত অগণন ৰাইজ উপস্থিত হোৱা পৰিলক্ষিত হয়। সভাখনত উপস্থিত থাকে অসম প্ৰদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা, অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, চি পি এম নেতা তথা সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, বাকসা জিলা কংগ্রেছ কমিটীৰ সভাপতি ভূপেন দৈমাৰী, বৰপেটা জিলা কংগ্ৰেছ কমিটীৰ সভাপতি আব্দুল ৰহিম খান আৰু কেইবাগৰাকী দলীয় জ্যেষ্ঠ নেতা-কৰ্মী।

মঙলবাৰৰ সভাখনত বৰষুণে বিধি-পথালি জনালেও অগণন ৰাইজৰ উপস্থিতিয়ে দলৰ মনোবল বৃদ্ধি কৰা বুলি ব্যক্ত কৰে কংগ্ৰেছ দলৰ বিষয়ববীয়াই।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular