কৃষক বিদ্ৰোহঃ নৱজোত সিং সিদ্ধুসহ কেবিনেট মন্ত্ৰীক আটক উত্তৰ প্ৰদেশ আৰক্ষীৰ

0
310
নৱজোত সিং সিদ্ধু

ডিজিটেল ডেস্কঃ পঞ্জাৱ ৰাজ্যিক কংগ্ৰেছ প্ৰধান নৱজোত সিং সিদ্ধুক আটক উত্তৰ প্ৰদেশ আৰক্ষীৰ। তেওঁৰ লগতে আন দুজন কেবিনেট মন্ত্ৰীক হাৰিয়ানা-উত্তৰ প্ৰদেশ সীমান্তৰ ছাহাৰানপুৰৰ পৰা আৰক্ষীয়ে আটক কৰে। উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰি অঞ্চলত যোৱা তিনি অক্টোবৰত কৃষকে প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়ত ঘটা হিংসাত্মক কাৰ্যত ৯জন লোকে প্ৰাণ হেৰুৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাবে আহত হয়৷

সেই প্ৰতিবাদী স্থল পৰিদৰ্শন কৰিবলৈ গৈছিল নৱজোত সিং সিদ্ধুসহ কংগ্ৰেছৰ এটা দল। কিন্তু উত্তৰ প্ৰদেশৰ সীমান্তত কংগ্ৰেছৰ দলটোক আৰক্ষীয়ে বাধা প্ৰদান কৰাত দলটোৱে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। সিদ্ধুৱে কৃষকহত্যাৰ প্ৰতিবাদত পঞ্জাৱৰ পৰা লখিমপুৰ খেৰীলৈ কংগ্ৰেছ কৰ্মীসকলৰ এক প্ৰতিবাদী সমদলৰ নেতৃত্ব দি আছিল। সিদ্ধুৰ সৈতে পদযাত্ৰা কৰিবলৈ উত্তৰ প্ৰদেশ-হাৰিয়ানা সীমান্তত শ শ সমৰ্থক সমবেত হৈছিল আৰু শ্ল’গান দিছিল৷

হিংসাত্মক ঘটনাটোৰ মূল অভিযুক্ত বুলি অভিহিত কেন্দ্ৰীয় মন্ত্ৰী অজয় কুমাৰ মিশ্ৰাৰ পুত্ৰ আশিস মিশ্ৰাক গ্ৰেপ্তাৰৰ দাবী জনায় পঞ্জাৱৰ পৰা যোৱা কংগ্ৰেছ দলটোৱে। শুকুৰবাৰলৈকে আশিস মিশ্ৰাক গ্ৰেপ্তাৰ নকৰিলে সিদ্ধুৱে অনশন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও আৰক্ষীক হুংকাৰ দিয়ে। বৰ্তমান সিদ্ধুসহ কংগ্ৰেছী দলটোক আৰক্ষীয়ে আটক কৰি নিজ জিম্মাত ৰাখিছে৷