spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকৰাজ্যত অব্যাহত গৰুৰ চোৰাং বেহা : কিদৰে আৰক্ষীয়ে কৰায়ত্ত কৰিলে অপৰাধী?

ৰাজ্যত অব্যাহত গৰুৰ চোৰাং বেহা : কিদৰে আৰক্ষীয়ে কৰায়ত্ত কৰিলে অপৰাধী?

ডিজিটেল ডেস্ক : ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা । বিধানসভাত কঠোৰ গো-সুৰক্ষা আইন গৃহত হোৱাৰ পাছতো বন্ধ হোৱা নাই গো-ছিণ্ডিকেট। এইবাৰ ধুবুৰীত গৰু চোৰাংকৈ সৰবৰাহ কৰা বাহনক আটক কৰিবলৈ যাওতেই দুৰ্ঘটনাগ্ৰস্থ হয় বাহনখন৷ জিলাখনৰ দক্ষিণ টিযামাৰীত সংঘটিত হয় দুৰ্ঘটনাটো৷ দুৰ্ঘটনাগ্ৰস্থ বাহনখনত আছিল ৯ টাকৈ গৰু। দুৰ্ঘটনাৰ ফলত মৃত্যু হয় এটা গৰুৰ।

তথ্য অনুসৰি, নিশা পশ্চিমবংগৰ পৰা ছাগলীয়া হৈ প্ৰৱেশ কৰিছিল WB 63 B 3646 নম্বৰৰ বাহনখন। বাহনখনত গৰু থকাৰ তথ্য লাভ কৰি আৰক্ষীয়ে বাহনখন ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও বাহনখন পলাই যাবলৈ চেষ্টা কৰে। বাহনখন পলাই যোৱা দেখি আৰক্ষীয়ে খেদি খেদি বাৰে বাৰে ৰখাবলৈ চেষ্টা কৰে যদিও শেষত আৰক্ষীয়ে গৰু ভৰ্তি বাহন খনলৈ লক্ষ্য কৰি পাঁচজাইকৈ গুলী চালনা কৰে।

টায়াৰত গুলী লগাৰ ফলত গৰু ভৰ্তি বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ কাষৰ খালত বাগৰি পৰে। এজন গো-সৰবৰাহকাৰীৰ সৈতে বাহনখনৰ চলক জাহিদুল ইছলামক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular