spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকবিধি শিথিল কৰিলেও অব্যাহত সংক্ৰমণ :ক’ভিডৰ কবলত পিটিআইৰ গুৱাহাটী কাৰ্যালয়

বিধি শিথিল কৰিলেও অব্যাহত সংক্ৰমণ :ক’ভিডৰ কবলত পিটিআইৰ গুৱাহাটী কাৰ্যালয়

ডিজিটেল ডেস্ক : ৰাজ্যত ক’ভিড বিধি শিথিল কৰিলেও অব্যাহত ক’ভিডৰ সংক্ৰমণ৷ শনিবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত হয় ২৪৬ জন লোক৷ কালিৰ দিনটোত মৃত্যু ঘটিছে ৪ জন ক’ভিড ৰোগীৰ৷ ইপিনে ক’ভিডৰ কবলত পিটিআইৰ গুৱাহাটী কাৰ্যালয়৷ কাৰ্যালয়টোৰ সাংবাদিক-কৰ্মচাৰী আক্ৰান্ত ক’ভিডত৷


দুৰ্গাপূজালৈ মাজত মাথোন কেইটামান দিন বাকী ৷ ইতিমধ্যেই চৰকাৰে শিথিল কৰিছে ক’ভিড বিধি৷ ৰাজ্যজুৰি নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত শিথিলতাৰ ব্যৱস্থা কৰিছে। এতিয়াৰে পৰা নিশা ৯বজাৰ পৰিৱৰ্তে ১০ বজাৰ পৰা পাছদিনা পুৱা ৫ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন। নিশা ৮বজাৰ পৰিৱৰ্তে ৯ বজালৈ খোলা ৰাখিব পাৰিব কৰ্মক্ষেত্ৰ, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠানসমূহ (হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰূম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান আদি)৷

আনহাতে দেশত কৰ’নাৰ তৃতীয় লহৰে কিছু পৰিমাণে ক্ৰিয়া কৰা পৰিলক্ষিত হৈছে৷ ভাৰতে ২২,৮৪২ টা নতুন ক’ভিড-১৯ আক্ৰান্ত ধৰা পৰিছে৷ তাৰবিপৰীতে ২৪৪জন লোক এদিনত মৃত্যু হৈছে৷ দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত বৰ্তমানলৈ ক’ভিডত সংখ্যা ৩,৩৮,১৩,৯০৩ লৈ বৃদ্ধি হৈছে। দেশত সক্ৰিয় ঘটনাৰ সংখ্যা ২,৭০,৫৫৭ লৈ হ্ৰাস পাইছে৷ ১৯৯ দিনত সৰ্বনিম্ন বুলি উল্লেখ কৰিব পাৰি। মৃত্যুৰ সংখ্যা ৪,৪৮,৮১৭ লৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, সক্ৰিয় ঘটনাবোৰএতিয়া ভাৰতৰ মুঠ সংক্ৰমণৰ ০.৮০% হয়৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular