Google search engine
25.1 C
Guwahati
Tuesday, August 3, 2021
Google search engine
Homeব্ৰেকিং নিউজকোনে কৰ’নাৰ ‘ছুপাৰ স্প্ৰেডাৰ’ আখ্যা দিলে মোডীক? কিয়?

কোনে কৰ’নাৰ ‘ছুপাৰ স্প্ৰেডাৰ’ আখ্যা দিলে মোডীক? কিয়?

নতুন দিল্লী : কৰ’নাত জৰ্জৰিত সমগ্ৰ বিশ্ব। ভাৰতত সংকট আৰু গুৰুতৰ। নিৰৱচ্ছিন্ন এই সংক্ৰমণ ৰুধিবৰ সাধ্য কাৰ?এই পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কাঠগড়াত তুলিলে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন(IMA)ৰ উপ-সভাপতি নৱজ্যোৎ দাহিয়াই। নৰেন্দ্ৰ মোডীক ‘ছুপাৰ স্প্ৰেডা’ৰ বুলি অভিহিত কৰাৰ লগতে ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৰ বাবে মোডীক দোষী সাব্যস্ত কৰিছে দাহিয়াই।

আৰু পঢ়িব পাৰিব : সান্ধ্য আইনৰ মাজতে মহানগৰীৰ এটিএমত সোমাল চোৰ


সংবাদ মাধ্যমৰ আগত দাহিয়াই কয় যে, কৰ’নাৰ সুৰক্ষাবিধি সম্পৰ্কে সাধাৰণ জনগণক অৱগত কৰাৰ বাবে এতিয়া তেওঁলোক যিদৰে তৎপৰ হোৱা দেখা গৈছে, ঠিক একে সময়তে কোনো দ্বিধা প্ৰকাশ নকৰাকৈয়ে সমস্ত ক’ভিড বিধি লংঘন কৰি ৰাজনৈতিক সমাৱেশত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰীয়ে।’ লগতে কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ আন্দোলনৰ ইছ্যুসমূহৰ প্ৰতিও প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণ উদাসীন মনোভাব গ্ৰহণ কৰা বুলি মন্তব্য কৰে তেওঁ।

আৰু পঢ়িব পাৰিব : ক’ভিড বিধি ভংগ কৰি আইনৰ ৰোষত অভিনেতা জিমী শ্বেৰগিল


উল্লেখযোগ্য যে, ভাৰতত ক’ভিডৰ দ্বিতীয় ঢৌৰ বাবে দেশত দেখা দিয়া দুৰ্যোগৰ বাবে প্ৰধানমন্ত্ৰী মোডী তথা চৰকাৰৰ ভূমিকাক লৈ সমালোচনাত মুখৰ দেশ তথা আন্তঃৰাষ্ট্ৰীয় মহলৰ একাংশ। তেনে পৰিস্থিতিত IMAৰ উপসভাপতিৰ বিস্ফোৰক মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বেও দেশৰ ক’ভিড পৰিস্থিতিৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীক দোষী সাব্যস্ত কৰিছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.1 ° C
25.1 °
25.1 °
97 %
1.4kmh
100 %
Tue
31 °
Wed
33 °
Thu
33 °
Fri
33 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular