Google search engine
28 C
Guwahati
Sunday, August 1, 2021
Google search engine
Homeআঞ্চলিকমহানগৰীত পুনৰ দ্ৰুতগতিত কৰ’নাৰ সংক্ৰমণ: শোণিতপুৰত অব্যাহত লকডাউন

মহানগৰীত পুনৰ দ্ৰুতগতিত কৰ’নাৰ সংক্ৰমণ: শোণিতপুৰত অব্যাহত লকডাউন

গুৱাহাটী : ৰাজ্যত অব্যাহত আছে কৰ’নাৰ উদ্বেগজনক সংক্ৰমণ৷ বিগত ২৪ ঘণ্টাত আক্ৰান্ত হয় ১,৯৯২ জন লোক৷ কালিৰ দিনটোত ৰাজ্যত মৃত্যু ঘটিছে ২৭ জন লোকৰ৷ কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ১.৬৫ শতাংশ৷ বৃহস্পতিবাৰে গুৱাহাটীত সৰ্বাধিক লোক আক্ৰান্ত হয় ৷

কালিৰ দিনটোত মহানগৰীত আক্ৰান্ত হয় ২৬৩ জন লোক৷ আনহাতে, গোলাঘাটত আক্ৰান্ত হয় ১৫৭জন, লখিমপুৰত ১৩৫ জন আক্ৰান্ত হয়, ডিব্ৰুগড়ত ১২৫জন, শোণিতপুৰত ১১১ জন আক্ৰান্ত হৈছে৷ জিলাখনত ক’ভিড সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি লকডাউন অব্যাহত থাকিব। ক’ভিড বিধিৰ কোনো শিথিলতা গ্ৰহণ কৰা নহয়। পূৰ্বৰ দৰে গেলামাল ফল-মূল আৰু শাক-পাচলিৰ দোকান বন্ধ থাকিব। কেৱল হোম ডেলিভাৰীৰ ব্যৱস্থা থাকিব। শুকুৰবাৰে জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে এই কথা জানিবলৈ দিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Sun
28 °
Mon
31 °
Tue
31 °
Wed
30 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular